/asomiyapratidin/media/media_files/2025/08/17/whatsapp-image-2025-2025-08-17-20-14-35.jpeg)
ডিজিটেল সংবাদ, চাপৰঃ চাপৰৰ বহলপুৰ পাতালপুৰস্থিত চম্পাৱতী নৈ'ত সংঘটিত হয় অঘটন। চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে তিনি বন্ধুৰ।
ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত দুজন মাছমৰীয়াৰ প্ৰচেষ্টাত টুলুঙা নাওঁ আৰু জালেৰে চলিল উদ্ধাৰ অভিযান। মাছমৰীয়া দুজনৰ এই অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুজনকৈ যুৱকৰ মৃতদেহ। মৃত যুৱকদ্বয় ক্ৰমে হিৰকজ্যোতি সিংহ আৰু জিতু ৰায় বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/17/whatsapp-ima-2025-08-17-20-10-05.jpeg)
তেতিয়ালৈ সন্ধানহীন হৈ আছিল আনজন বন্ধু নৱজিৎ সিংহ। বহু পলমকৈ হ'লেও ঘটনাস্থলীত উপস্থিত হৈ SDRF বাহিনীয়ে নৱজিৎ সিংহক বিচাৰি চলাইছিল উদ্ধাৰ অভিযান। দুঘন্টাতকৈ অধিক সময় উদ্ধাৰ অভিযান চলোৱাৰ পিছতো ব্যৰ্থ হয় SDRFবাহিনী। পিছত স্থানীয় ৰাইজৰ অনুৰোধত পুনৰ মাছমৰীয়া দুজনে উদ্ধাৰ অভিযান চলাই নিখোজ হৈ থকা নৱজিৎ সিংহৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/17/whatsapp-image-2025-08-17-20-11-11.jpeg)
উল্লেখযোগ্য যে, জিতু ৰায় প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনহাতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ নৱজিৎ সিংহ আৰু হিৰকজ্যোতি সিংহ। তিনিওৰে ঘৰ বহলপুৰৰ বৰপাৰাৰ প্ৰথম খণ্ডত। নৱিজৎ সিংহ আৰু হিৰকজ্যোতি সিংহ একে পৰিয়ালৰ ভাই ককাই বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/17/whatsapp-image-2025-08-17-20-14-03.jpeg)
আনহাতে, ৰাইজৰ ককৰ্থনাত পানী পথেৰে পলায়ন কৰিবলৈ বাধ্য হয় SDRF বাহিনী। SDRFয়ে আধুনিক যন্ত্ৰ ব্যৱহাৰ ঠিকে কৰে, কিন্তু বিপদত সহায় কৰিব নোৱাৰে বুলি কটাক্ষ কৰে স্থানীয় ৰাইজে। ইফালে, উদ্ধাৰ হোৱা মৃতদেহ আৰক্ষীয়ে চাপৰ আৰক্ষী থানা লৈ আহে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোঁকৰ ছাঁ পেলাইছে।