/asomiyapratidin/media/media_files/2025/09/04/sddddddddddddd-2025-09-04-23-56-05.jpg)
ডিজিটেল ডেস্কঃ পশ্চিমবঙ্গ বিধানসভাত আজি উদ্ভৱ হয় এক নাটকীয় পৰিস্থিতিৰ। বাঙালী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে হোৱা অত্যাচাৰ সন্দৰ্ভত চৰকাৰী প্ৰস্তাৱৰ আলোচনা চলি থকা সময়ত শাসকীয় টিএমচি আৰু বিৰোধী বিজেপিৰ বিধায়কসকলৰ শ্ল’গানৰ ফলত হুলস্হূলীয়া পৰিৱেশৰ সৃষ্টি হয়। যাৰবাবে কিছুসময়ৰ বাবে অচল হৈ পৰে পশ্চিমবঙ্গ বিধানসভা।
বিজেপি বিধায়কে ২ ছেপ্টেম্বৰত শুভেন্দু অধিকাৰীৰ স্থগিতাদেশৰ বিষয়ত শ্ল’গান দি বিক্ষোভ প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে কোষাগাৰ বেঞ্চৰ পৰা শক্তিশালী প্ৰতিবাদ কৰে আৰু কিছুসময়ৰ বাবে অধিবেশন অচল হৈ পৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বঙালী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে হোৱা অত্যাচাৰ সন্দৰ্ভত চৰকাৰী প্ৰস্তাৱৰ বক্তব্য আৰম্ভ কৰিবলৈ লোৱাৰ আগতেই বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।
অৱশেষত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক তীব্ৰ আক্রমণ কৰে। তেওঁ কয়, “বিজেপিয়ে বঙালীৰ ওপৰত যি নিৰ্যাতন কৰিছে, মই তাৰ তীব্ৰ নিন্দা কৰিছোঁ। খুব সোনকালেই পশ্চিমবঙ্গত বিজেপিৰ এজনো বিধায়কো থাকিব নোৱাৰিব। জনতাই সেইটো নিশ্চিত কৰিব।"
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে বিজেপিক "ভোট চোৰ দল" বুলি আখ্যা দিয়ে। তেওঁ লগতে অভিযোগ কৰে যে, বিজেপিয়ে বঙালী ভাষী সমাজক আতংকিত কৰাৰ চেষ্টা কৰিছে।
উল্লেখযোগ্য যে, এই হুলস্থূলৰ মাজতে অধ্যক্ষই বিশৃংখলতাৰ সৃষ্টি কৰাৰ বাবে বিজেপিৰ শংকৰ ঘোষক বিধানসভাৰ পৰা দিনটোৰ বাবে নিলম্বন কৰে। ঘোষে যাবলৈ অস্বীকাৰ কৰাৰ লগে লগে বিধানসভাৰ মাৰ্শ্বালক মাতি অনা হ’য় আৰু তেওঁক সদনৰ বাহিৰলৈ টানি অনা হ’ল। আনহাতে, এই হুলস্থুলৰ সময়ত কোষাগাৰৰ বেঞ্চৰ পৰা তেওঁলোকৰ ওপৰত পানীৰ বটল নিক্ষেপ কৰা বুলিও অভিযোগ উত্থাপন কৰে বিজেপি বিধায়কসকলে।