/asomiyapratidin/media/media_files/2025/09/04/dddddddddddddddddddd-2025-09-04-18-22-44.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ইউপিপিএল দলৰ পৰা দলীয় টিকট নাপাই দলৰ মাজত বিদ্ৰোহ ঘোষণা কৰি ১৪ নং চিৰাং দুৱাৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা ড০ ছাংগ্ৰাং ব্ৰহ্মৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে।
বৃহস্পতিবাৰৰ দিনটোত কাজলগাঁৱত অনুষ্ঠিত সংবাদমেলত চিৰাং জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই সংবাদমাধ্যমক জানিবলৈ দিয়ে যে, ডঃ ব্ৰহ্ময়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত নিজৰ পেচা সমাজকৰ্মী বুলি উল্লেখ কৰিছিল। কিন্তু বাস্তৱত তেওঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ত লাইব্ৰেৰীয়ান পদত কৰ্মৰত।
তেওঁয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত চাকৰিৰ পৰা অব্যাহতি লোৱাৰ প্ৰমাণপত্ৰ সংলগ্ন নকৰাৰ ফলত নিয়ম অনুসৰি তেওঁৰ মনোনয়ন বাতিল কৰা হৈছে বুলি জিলা নিৰ্বাচনী বিষয়া সদৰি কৰে।
ডঃ ব্ৰহ্মৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ খবৰ পোৱাৰ লগে লগে চিৰাং দুৱাৰ সমষ্টিত ব্যাপক চৰ্চা লাভ কৰিছে। ইউপিপিএল দলৰ মূল প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ ভেটিত ডঃ ব্ৰহ্মৰ আগমনৰ ফলত যি কঁপনিৰ সৃষ্টি হৈছিল, সেই কঁপনি বাতিলৰ সিদ্ধান্তৰ পাছত নতুন ৰূপ লোৱাৰ সম্ভাৱনা দেখা দিছে।