বেংকৰ KYC ফৰ্মত এতিয়াৰে পৰা লাগিব পাৰে ধৰ্মীয় পৰিচয়ৰ প্ৰমাণ পত্ৰও! জানক সবিশেষ…

বেংকৰ KYC ফৰ্মত এতিয়াৰে পৰা লাগিব পাৰে ধৰ্মীয় পৰিচয়ৰ প্ৰমাণ পত্ৰও! জানক সবিশেষ…

ডিজিটেল ডেস্কঃ ফৰেইন এক্সচেঞ্জ মেনেজমেন্ট এক্ট, চমুকৈ ফেমা আইনত পৰিবৰ্তন ঘটাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। পৰিবৰ্তিত নতুন আইন অনুসৰি এতিয়াৰে পৰা বেংকসমূহত একাউণ্ট খুলিবৰ বাবে কে ৱাই চি ফৰ্মত গ্ৰাহকসকলে নিজৰ ধৰ্মীয় পৰিচয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাটো বাধ্যতামূলক কৰা হ'ব। অতি শীঘ্ৰেই এই নতুন নিয়ম বেংক সমূহত প্ৰৱৰ্তন কৰা হ'ব পাৰে বুলি জানিব পৰা গৈছে। এই আইনৰ পৰিবৰ্তনৰ ফলত প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ পৰা অহা মুছলমানৰ বাহিৰে অন্য সম্প্ৰদায়ৰ সংখ্যালঘু লোকসকলে ভাৰতত এন আৰ অ' একাউণ্ট খুলিবলৈ সক্ষম হ'ব আৰু ভাৰতত বসবাসৰ বাবে সম্পত্তি ক্ৰয় কৰিব পাৰিব।

ৰিজাৰ্ভ বেংকৰ ফৰেইন এক্সচেঞ্জ মেনেজমেন্ট ৰেগুলেশ্যন এক্ট বা ফেমা ৰেগুলেশ্যন আইনৰ এই পৰিবৰ্তন বহু চৰ্চিত নাগৰিকত্ব সংশোধনী আইন বা 'কা'ৰ দৰে একেই বুলি দাবী কৰিছে বিভিন্ন জনে। ২০১৮ চনত জাৰি হোৱা এই আইনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান লোকসকলক ভাৰতত স্থায়ী বসবাসৰ বাবে সম্পত্তি ক্ৰয় আৰু বেংক একাউণ্ট খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। লক্ষণীয়ভাৱে, নাস্তিক আৰু মুছলমান সম্প্ৰদায়ৰ লোক এই আইনৰ আওতাত নপৰে। ইয়াৰোপৰিও ম্যানমাৰ, শ্ৰীলংকা আৰু তিব্বতৰ পৰা অহা শৰণাৰ্থীসকলকো এই আইনৰ বাহিৰত ৰখা হৈছে।

প্ৰণিধানযোগ্য যে, ফেমা আইনৰ এই পৰিবৰ্তনৰ পূৰ্বে ভাৰতত বসবাস কৰি থকা কোনো বিদেশী নাগৰিকে দীৰ্ঘ ম্যাদৰ বাবে এফ অ' ৰেচিডেণ্ট একাউণ্ট আৰু এন আৰ অ' একাউণ্ট খুলিব পাৰিছিল। এই একাউণ্টৰ ম্যাদ আছিল কেৱল ৬ মাহ। কিন্তু এই একাউণ্ট খোলাৰ বাবে গ্ৰাহকে কোনো ধৰ্মীয় পৰিচয় পত্ৰ বা দেশৰ পৰিচয় পত্ৰ কে ৱাই চিত সংলগ্ন কৰিব লগা হোৱা নাছিল। আনহাতে ভাৰতত ৬ মাহতকৈ অধিক সময় বাস কৰি থকা বিদেশী নাগৰিকসকল পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, চীন, ইৰাণ, নেপাল বা ভূটানৰ নাগৰিক নহ'লেহে ভাৰতত সম্পত্তি ক্ৰয় কৰিব পাৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in