চানডুবিৰ বাৰেগাঁৱত নদী বান্ধ-ছেটেলাইট টাউনশ্বীপ স্থাপনৰ বিৰোধিতাত প্ৰতিবাদী সভা

চানডুবিৰ বাৰেগাঁৱত কুলসী নদীৰ নদী বান্ধ আৰু বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বীপ স্থাপনৰ বিৰোধিতাত প্ৰতিবাদী সভা।

author-image
Asomiya Pratidin
New Update
chandubiii

ডিজিটেল সংবাদ, পলাশবাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মুখ্যমন্ত্ৰী কনৰাড চাংমা মুৰ্দাবাদ, কুলসী নদীত নদী বান্ধ প্ৰকল্প স্থাপন কৰা নচলিব, বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বীপ বন্ধ কৰক, বিজেপি চৰকাৰ গো বেক, টংকেশ্বৰ ৰাভা হায় হায়, আমাৰ নদী আমাৰ অধিকাৰ,আমাক ভূমি পট্টা দিয়ক আদি শ্লোগান দি শনিবাৰে চানডুবিৰ সমীপৰ বাৰেগাঁও অঞ্চলটো উত্তাল কৰি তোলা হয়।

দক্ষিণ কামৰূপৰ কুলসী নদী বান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত নিখিল ৰাভা জাতীয় পৰিষদ আৰু গাৰো জাতীয় পৰিষদৰ সহযোগত আজি পলাশবাৰী সমষ্টিৰ ৰাভা হাছাওৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী বাৰেগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কুলসী নদীত অসম আৰু মেঘালয় চৰকাৰে বান্ধিব খোজা ৫৫ মেগাৱাট নদী বান্ধৰ বিৰোধিতাত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়। কিয়নো অসম-মেঘালয় সীমান্তৱৰ্তী উকিয়ামৰ ত্ৰিবেণী সংগমত অৰ্থাৎ কুলসী হৈ বৈ অহা শ্ৰী, ঘোগা আৰু দ্ৰোণ নদীৰ সংগমস্থলত অসম আৰু মেঘালয় চৰকাৰে অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ ৰাইজক উচ্ছেদ কৰি উকিয়ামত নদী বান্ধ প্ৰকল্প স্থাপন কৰিব খুজিছে।

ঠিক একে দৰেই অসম চৰকাৰে পলাশবাৰীৰ বৰদুৱাৰ বাগানৰ ভূমি পট্টাহীন ৰাইজক উচ্ছেদ কৰি ছেটেলাইট টাউনশ্বীপ প্রকল্প স্থাপন কৰিব বিচাৰিছে। এই দুয়োটা হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাত ৰাইজে বিভিন্ন দল-সংগঠনৰ সহায়-সহযোগত প্ৰতিবাদ বিক্ষোভ জনাই আহিছে যদিও চৰকাৰে এই জলন্ত বিষয়ত গুৰুত্ব দিয়া নাই। সেয়ে আজি এই সভাখনি অনুষ্ঠিত কৰি পুনৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা হয়।

দেলনো মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত আদৰণি ভাষণ প্ৰদান কৰে কুলসী নদী বান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ সম্পাদক মৃত্যুঞ্জয় ৰাভাই। তেওঁ কয়- উকিয়ামত এই নদী বান্ধ হলে ২৬ হাজাৰ হেক্টৰ ভূমি ৰাইজে হেৰুৱাব। অসম-মেঘালয় সীমান্তৱৰ্তী ২০০ খন গাঁৱলৈ অনামিশা নামি আহিব। সেয়ে আমাক নদী বান্ধ নালাগে। আমাৰ প্ৰাকৃতিক পৰিৱেশ,ভূমিৰ জন্মস্বত্ব অধিকাৰ অক্ষুন্ন ৰখাৰ কথা কয়।

সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰি গাৰো নেচনেল কাউন্সিলৰ কামৰূপ জিলাৰ সম্পাদক জন চাংমাই কয়- আমাৰ ৰাজাসকলৰ এই কথাৰ উমঘাম নাই। লিডাৰবোৰৰো খবৰ নাই। তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই হঠকাৰী সিদ্ধান্ত মানি নলয় বুলি চৰকাৰক হুংকাৰ দিয়ে।

সমাজকৰ্মী তথা পৰিৱেশকৰ্মী বিদিশা বৰ্মনে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে।কুলসীত ৫৫ বা ৪৫ যি মেগাৱাট নদী বান্ধ নহওক কিয় আমাক নালাগে বুলি ভাষণত উল্লেখ কৰে। মহিলাক আঁচনি দিয়েই জিকিব খোজা বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অৰ্থাৎ মাটি আৰু ভেটি ৰক্ষাৰ বাবে আমি যুঁজি যাম বুলি ভাষণত উল্লেখ কৰে। 

সভাত গাৰো জাতীয় পৰিষদৰ নেতা পুলিন চাংমাই অংশগ্ৰহণ কৰি ৰাইজক কামত অহা চৰকাৰহে আমাক লাগে বুলি কয়। এই সভাত লগতে পখীৰাজ ৰাভা, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰ, নিখিল ৰাভা জাতীয় পৰিষদৰ মুখ্য সম্পাদক তথা বৰদুৱাৰ ভূমি পট্টন দাবী সমিতিৰ সভাপতি গোবিন্দ ৰাভা, গাৰো মহিলা পৰিষদৰ কামৰূপ জিলাৰ সভানেত্ৰী লেভষ্টি চাংমা, অৰুণ দিয়া, ঈন্দ্ৰজিত ৰাভাকে ধৰি বহুকেইজন লোকে ভাষণ প্ৰদান কৰি কুলসীৰ নদী বান্ধ আৰু বৰদুৱাৰ বাগানত চৰকাৰে স্থাপন কৰিব খোজা ছেটেলাইট টাউনশ্বীপৰ বিৰোধ কৰে।

তেওঁলোকে ৰাভা হাছং স্বায়ত্ত শাসিত পৰাষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকো সমালোচনা কৰে।গোবিন্দ ৰাভাই টংকেশ্বৰ ৰাভা আচলতে শৰণীয়াহে।তেওঁৰ পৰিয়াল শৰণীয়া। তেনেক্ষেত্ৰত একাংশ দালাল, মধ্যভোগীক হাতত লৈ ৰাভা হাছঙত ৰাজভোগ খাই আহিছে বুলি টংকেশ্বৰ ৰাভাক ককৰ্থনা কৰে। তেওঁ জনজাতীয় লোকক সুৰক্ষা দিয়াৰ সলনি আদানী আম্বানীকহে বৰপীৰা পাৰি দিবলৈ ওলাইছে।অসমত অকল মাটি খাইতিয়ে নহয়,আমাৰ পানী,বায়ু গছ সকলো খাব বুলি কয় ৰাভাই। এদিন আমি মাটি আৰু পানীৰ বাবে কান্দিব লাগিব।সময় থাকোতে ৰাইজক ৰাজপথৰ আন্দোলনৰ লগতে আগত নিৰ্বাচনত বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায়। সভাৰ শেষত কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চানডুবি