/asomiyapratidin/media/media_files/2026/02/09/fytswdguwsdswjdn-2026-02-09-23-09-06.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী আৰক্ষী থানা তথা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চানডুবিৰ সমীপৰ দুই নম্বৰ জুপাংবাৰীত আজি বিয়লি বন্যহস্তীৰ আক্ৰমণত গধূলু বড়ো(৫৬) নামৰ এজন ব্যক্তি নিহত হয়। এনে ঘটনাই অঞ্চলটোত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2026-2026-02-09-23-07-22.jpeg)
জানিব পৰা মতে, আজি বিয়লিৰ ভাগত বড়োৱে পৰিয়ালৰ কেইবাজনো সদস্যই মিলি প্ৰায় আধা কিলোমিটাৰ দূৰত্বত থকা জংঘললৈ খৰি আনিবলৈ গৈছিল। তেনে সময়তে কিছু দূৰত থকা বন্যহস্তীৰ জাকে খেদি আহি তেওঁক আক্ৰমণ কৰে। এই আক্ৰমণত নিহত হয় ব্যক্তিগৰাকী।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2-2026-02-09-23-07-49.jpeg)
ইফালে, গধূলু বড়োৰ মৃত্যুৰ খবৰ বিয়পি পৰাত ঘটনাস্থলীত অঞ্চলটোৰ ৰাইজৰ লগতে বনবিভাগৰ লোক উপস্থিত হয়। স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসন তথা বনবিভাগক তেওঁৰ পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2026-2026-02-09-23-08-17.jpeg)
উল্লেখ যে, পলাশবাৰী সমষ্টিৰ এই চানডুবি অঞ্চলৰ দৰে ৰঙামাটি, পাৰাকুছি, তিনিআলি, বৰিহাট, বৰপতিমা, শিকাৰহাটী, উৰপুত, কুমেৰীয়া, মিৰ্জা, সোণতলা আদি বিভিন্ন ঠাইত খাদ্যৰ সন্ধানত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে বিশেষ ব্যৱস্থা গ্রহণ কৰিব পৰা নাই। আনহাতে আমৰাঙ্গা-বৰিহাট বৃহত্তৰ নাগৰিক মঞ্চৰ পৰা জিলা আয়ুক্ত, পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, বন বিভাগক ইতিমধ্যেই স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও বিশেষ প্ৰদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই সমস্যাৰ অচিৰেই সমাধানৰ দাবী উত্থাপন কৰিছে ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us