জোনবাইৰ পদুলিত ভাৰত…

জোনবাইৰ পদুলিত ভাৰত…

author-image
asomiyapratidin
New Update
জোনবাইৰ পদুলিত ভাৰত…

২০০৭ চনৰ ১২ নৱেম্বৰৰ পৰা ২০১৯ৰ ৭ ছেপ্তেম্বৰৰলৈকে চন্দ্ৰযান-২ৰ যাত্ৰাক লৈ অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ বিশেষ প্ৰতিবেদন

Advertisment

২০০৮ চনৰ ২২ অক্টোবৰত চন্দ্ৰযান-১ চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰাৰ পাছত পুনৰ এবাৰ জোনবাইৰ দে শলৈ যাবলৈ সাজু হৈছিল ভাৰত। প্ৰায় ৬০০ কোটি টকাৰ ব্যয়ৰে ৩.৮ টন ওজনৰ চন্দ্ৰযান-২ প্ৰস্তুত কৰি উলিয়াইছিল ইছৰ'ৱে। প্ৰথমে ১৫ জুলাইৰ মাজনিশা চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰাৰ কথা আছিল। যান্ত্ৰিক বিজুতিৰ বাবে এই যাত্ৰা বাতিল কৰা হয়। ইয়াৰ পিছতে ইছৰ'ৱে ঘোষণা কৰা ২২ জুলাই তাৰিখে হৰিকোটাৰ পৰা ৮ টা বয়স্ক হাতীৰ সমান ওজনৰ চন্দ্ৰযান-২ লৈ মহাকাশলৈ উৰা মাৰিলে বাহুবলী ৰকেটে। দুপৰীয়া ২ বাজি ৪৩ মিনিটত ভাৰতে প্ৰেৰণ কৰিলে চন্দ্ৰযান-২।

২০০৭ চনৰ ১২ নৱেম্বৰত ইছৰ' আৰু ৰাছিয়ান মহাকাশ এজেন্সী (ৰোছকোছমোছ)য়ে দ্বৈতভাৱে চন্দ্ৰযান-২ৰ কাম কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল। চুক্তি অনুসৰি ইছৰ'ৱে ৰোবাৰ আৰু অৰ্বিটাৰৰ মূল দায়িত্ব লোৱাৰ লগতে আৰু লেণ্ডাৰৰ দায়িত্ব ৰোছকোছমোছে লৈছিল। ২০০৮ চনৰ ১৮ ছেপ্তেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই অভিযানৰ স্বীকৃতি প্ৰদান কৰা হয়। ইয়াৰ পিছতে ২০০৯ চনৰ আগষ্ট মাহত মহাকাশ যানখনৰ ডিজাইন প্ৰস্তুত কৰি উলিয়াই ইছৰ' আৰু ৰোছকোছমোছৰ বিজ্ঞানীসকলে।

চুক্তি অনুসৰি ইছৰ'ৱে ৰোবাৰ আৰু অৰ্বিটাৰৰ মূল দায়িত্ব লোৱাৰ লগতে আৰু লেণ্ডাৰৰ দায়িত্ব ৰোছকোছমোছে লৈছিল। ২০০৮ চনৰ ১৮ ছেপ্তেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই অভিযানৰ স্বীকৃতি প্ৰদান কৰা হয়। ইয়াৰ পিছতে ২০০৯ চনৰ আগষ্ট মাহত মহাকাশ যানখনৰ ডিজাইন প্ৰস্তুত কৰি উলিয়াই ইছৰ' আৰু ৰোছকোছমোছৰ বিজ্ঞানীসকলে।

ইছৰ'ৱে চন্দ্ৰযান-২ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলহে, কিন্তু ২০১৩ চনত এই অভিযানৰ কাম স্থগিত কৰা হয় আৰু ২০১৬ চনত এই অভিযান পুনৰ নিৰ্ধাৰিত কৰা হয়। ইয়াৰ কাৰণ আছিল ৰাছিয়া। ৰাছিয়াই দায়িত্ব লাভ কৰা লেণ্ডাৰৰ প্ৰস্তুতি নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰাত অসমৰ্থতা আৰু ৰোছকোছমোছে মঙল গ্ৰহলৈ প্ৰেৰণ কৰা ফোবোছ-গ্ৰান্ট অভিযানৰ বিফলতাৰ বাবে চন্দ্ৰযান-২ৰ কামৰ ৰোছকোছমোছ আঁতৰি আহে। তাৰ পিছতে ভাৰতে স্বতন্ত্ৰভাৱে এই অভিযান সফল কৰাৰ বাবে নামি পৰে।

উল্লেখ্য যে, চৰকাৰৰ অনুমোদন লাভ কৰাৰ পিছতে সম্পূৰ্ণ নিজাববীয়াকৈ চন্দ্ৰযান-২ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰে ইছৰ'। শ্ৰীহৰিকোট সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ ভূস্থিৰ উপগ্ৰহণ প্ৰক্ষেপণ যানৰ দ্বাৰা চন্দ্ৰযান-২ক মহাকাশলৈ প্ৰেৰণ কৰাৰ যোজনা প্ৰস্তুত কৰা হয়। উৎক্ষেপণৰ সময়ত ইয়াৰ ওজন প্ৰায় ৩,২৫০ কিলোগ্ৰাম নিৰ্ধাৰণ কৰে ইছ'ৰৱে। আনহাতে ২০১৫ চনৰ ডিচেম্বৰত এই অভিযানৰ বাবে চৰকাৰে ৬০৩ কোটি টকা আৱন্টন কৰে।

ইছৰৰ সকলো কৰ্মকতাৰ অশেষ কষ্ট-সাধনাৰে অৱশেষত নিৰ্মাণ সম্পূৰ্ণ হৈছিল চন্দ্ৰযান-২ৰ। ২০১৯ চনৰ ২২ জুলাইৰ নিশা চন্দ্ৰৰ বুকুত কোনেও পদাৰ্পন নকৰা দক্ষিণ প'ললৈ বুলি চন্দ্ৰযান-২ প্ৰেৰণ কৰে ইছৰোয়ে। সেই দিন আছিল সমগ্ৰ ভাৰতবাসীৰ এটা বিশেষ দিন, কিয়নো চন্দ্ৰৰ দক্ষিণ প'ললৈ বুলি চন্দ্ৰযান-২ প্ৰেৰণ কৰা দেশৰ তালিকাত ভাৰতৰ স্থান আছিল চৰ্তুৰ্থ।

সমগ্ৰ ভাৰতবাসীৰ আশা পঞ্জীভূত হৈ থকা চন্দ্ৰযান-২ সফলভাৱেই আগবাঢ়িছিল জোনবাইৰ দেশলৈ। ২০১৯ৰ ২৬ জুলাইত চন্দ্ৰযান-২ য়ে প্ৰৱেশ কৰিছিল মহাকাশৰ দ্বিতীয় কক্ষত। সেই সুখবৰ ভাৰতবাসীক জনাইছিল যে – চন্দ্ৰযান-২ ২৬ জুলাইৰ পুৱতি নিশা সফলতাৰে মহাকাশৰ দ্বিতীয় কক্ষত প্ৰৱেশ কৰে। মহাকাশযানখন শুকুৰবাৰে নিশা প্ৰায় ১.১০ বজাত মহাকাশৰ দ্বিতীয় কক্ষত প্ৰৱেশ কৰে। ইয়াৰ বাবে ইছৰ'ই মহাকাশযানখনত সংযোগ হৈ থকা প্ৰণ'ড'ন প্ৰণালীৰ ব্যৱহাৰ কৰে। আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছিল ৮৮৩ ছেক্টেণ্ড সময়ৰ।

সফলতাৰ যাত্ৰা এনেকৈয়ে অব্যাহত আছিল। চন্দ্ৰযানৰ গতিৰ লগে লগে লহপহকৈ বাঢ়িছিল সমগ্ৰ ভাৰতবাসীৰ সপোন। ২০১৯ৰ ৪ আগষ্ট তাৰিখে চন্দ্ৰযান-২ৱে মহাকাশৰ বুকুৰ পৰা আবদ্ধ কৰিছিল পৃথিৱীৰ নান্দনিক দৃশ্য। চন্দ্ৰযান-২ৰ সৈতে সংযুক্ত এল১৪ কেমেৰাৰে তোলা হৈছে পৃথিৱীৰ এই আলোকচিত্ৰ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই টুইট যোগে প্ৰকাশ কৰিছে এই আলোকচিত্ৰ কেইখন।

তাৰিখ ২০১৯ৰ ২০ আগষ্ট। সেইদিনা পুৱাই চন্দ্ৰযান-২ য়ে প্ৰৱেশ কৰিলে চন্দ্ৰৰ কক্ষপথত। ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই আগদিনাই জনাইছিল যে, চন্দ্ৰযানৰ থকা ২ টা মটৰ সক্ৰিয় কৰিবৰ বাবে যানখনক চন্দ্ৰৰ কক্ষপথলৈ লৈ যোৱা হব। সংস্থাই দিয়া নিৰ্ধাৰিত সময় অথাৎ মঙলবাৰে পুৱা ৮.৩০-৯.৩০ ৰ ভিতৰতে চন্দ্ৰযানক চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা হয়। সংস্থাই জনোৱা মতে, চন্দ্ৰযানৰ যাত্ৰাকালত এইটো এটা অতি জটিল মিছন আছিল, যিটো সুকলমে সমাপন হৈছিল।

চন্দ্ৰৰ কক্ষপথত সুকলমে গৈ পোৱাৰ পাছত চন্দ্ৰযান-২ৱে ২০১৯ৰ ২৩ আগষ্টত পৃথিৱীলৈ প্ৰেৰণ কৰিছিল চন্দ্ৰৰ লুনাৰ পৃষ্ঠৰ ফটো। চন্দ্ৰযান-২ৰ টেৰেইন মেপিং কেমেৰা-২ তোলা হৈছিল এই ফটো কেইখন। চন্দ্ৰপৃষ্ঠৰ পৰা ৪৩৭৫ কিঃমিঃ উচ্চতাৰ পৰা তোলা হৈছিল এই বিৰল ফটোখন।

অব্যাহত থাকিল চন্দ্ৰযান-২ৰ সফল যাত্ৰা। ২০১৯ৰ ২ ছেপ্তেম্বৰত পৃথিৱীৰ পৰা চন্দ্ৰযানে কঢ়িয়াই নিয়া লেণ্ডাৰ 'বিক্ৰম' অৰ্বিটাৰৰ পৰা সফলভাৱে বিচ্ছিন্ন হয়। পূৰ্ব নিৰ্ধাৰিত সময়নুসৰি ২ ছেপ্তেম্বৰৰ দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.৪৫ বজাৰ ভিতৰত প্ৰায় ১.১৫ বজাত সুকলমে সম্পন্ন হৈছিল এই জটিল প্ৰক্ৰিয়া। মিছন চন্দ্ৰযান-২ৰ ইয়ো আছিল এক অতিকৈ জটিল প্ৰক্ৰিয়া।

সকলোবোৰ সুকলমে সমাপন হৈছিল, অৱশেষত বাকী আছিল চন্দ্ৰযান-২ৰ লেণ্ডাৰ-বিক্ৰম সুকলমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা সেই বিৰল মুৰ্হুতলৈ। সমগ্ৰ দেশ সাজু। ইছৰোয়ে পূৰ্বতে ঘোষণা কৰিছিল যে, শনিবাৰে নিশা ১ বাজি ৫৩ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বিক্ৰমে।

শনিবাৰে নিশা ১ বাজি ১৫ মিনিটৰ পৰা আনন্দ উল্লাহৰ মাজেৰে ঐতিহাসিক মুহুৰ্তৰ বাবে সাজু হৈছিল ইছৰ'ৰ সকলো কৰ্মচাৰী। চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ এই বিৰল দিশ্য উপভোগ কৰিবলৈ নিশাই ইছৰ'ৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

চন্দ্ৰপৃষ্ঠ পোৱাৰ Fine braking phaseৰ লৈকে সকলো ঠিকে আছিল। কিন্তু এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ২৬.০১ মিনিটত হঠাতে নিমাওমাও পৰিৱেশে বিৰাজ কৰিলে ইছৰ'ৰ কাৰ্যালয়। উৎফুল্লিত মনেৰে কাম কৰি থকা সকলো কৰ্মচাৰীৰ মনত পৰিলক্ষিত হ'ল হতাশাৰ চিন। প্ৰায় ৬ মিনিট ধৰি ইছৰ'ৰ কন্ট্ৰল ৰুমৰ পৰা অহা নাছিল কোনো আপডেট।

চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ কেইমিনিটমান বাকী থকাৰ পূৰ্বে ইছৰ'ৰ কাৰ্যালয়ত বিৰাজ কৰা এই পৰিৱেশে সমগ্ৰ দেশবাসীক চিন্তিত কৰি তুলিছিল। সেই সময়ত ইছৰ'ৰ কৰ্তৃপক্ষইয়ো কোনো আনুষ্ঠানিক ঘোষণা কৰা নাছিল। চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিবলৈ মাত্ৰ কেই কিলোমিটাৰ মান বাকী থকা পূৰ্বেই বন্ধ হৈছিল লেণ্ডাৰ বিক্ৰমৰ লেণ্ডিং গ্ৰাফ।

দৰাচলতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কিলোমিটাৰ বাকী থকাৰ সময়তে লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল। এই প্ৰক্ৰিয়া আৰম্ভ হোৱা ২৬.১ মিনিটৰ পৰাই ইছৰ'ৰ বিজ্ঞানীসকলে উমান পাইছিল এই আসোৱাহৰ। ইছৰ'ৰ অধ্যক্ষ কে শিৱনে এই বিষয় সন্দৰ্ভত অৱগত কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। অৱশেষত ইছৰোৰ অধ্যক্ষ কে শিৱনেও কৰিলে আনুষ্ঠানিক ঘোষণা।

ইয়াৰ পিছতে নৰেন্দ্ৰ মোডীয়ে নিজৰ কক্ষৰ পৰা নামি আহি উপস্থিত থকা সকলো কৰ্মকৰ্তাক উৎসাহ প্ৰদান কৰি কয়, 'জীৱনত ঘাট প্ৰতিঘাট আহি থাকে। আপোনালোকৰ বৰ্তমানৰ লৈকে এই যাত্ৰা ইমান সহজ নহয়। দেশে আপোনালোকক লৈ গৌৰৱ কৰে। মই আশা কৰিছো পুনৰ যোগাযোগ স্থাপন হ'ব। মোৰ ফালৰ পৰা সকলোৰ লৈকে শুভকামনা। আপোনালোকে বিজ্ঞান আৰু মানৱ জাতিৰ কাৰণে ড়াঙৰ সেৱা আগবঢ়াই আছে। সাহসেৰে আগবাঢ়ক, দেশ আপোনালোকৰ লগত সদায় আছে।'


— ANI (@ANI) September 6, 2019

ইছৰোৰ সকলো কৰ্মকতাৰ মুখত এতিয়া হতাশা চিন স্পষ্ট। তথাপিও তেওলোকে প্ৰতিশ্ৰুতি দিছে লেণ্ডাৰ বিক্ৰম সৈতে তেওলোকে যোগাযোগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতে সমগ্ৰ দেশবাসীৰ মনত যেন এতিয়া শোকৰ ছাঁ। কিন্তু এতিয়াও আশা একেবাৰে শেষ হোৱা নাই, কিয়নো অব্যাহত থাকিব এই যাত্ৰা…