প্ৰতিবন্ধকতাক লৈ এতিয়া মানুহৰ মাজত ইতিবাচক পৰিবৰ্তন আহিছেঃ ডি ৱাই চন্দ্ৰচুড়

প্ৰতিবন্ধকতাক লৈ এতিয়া মানুহৰ মাজত ইতিবাচক পৰিবৰ্তন আহিছেঃ ডি ৱাই চন্দ্ৰচুড়

author-image
Asomiya Pratidin
New Update
প্ৰতিবন্ধকতাক লৈ এতিয়া মানুহৰ মাজত ইতিবাচক পৰিবৰ্তন আহিছেঃ ডি ৱাই চন্দ্ৰচুড়

ডি ৱাই চন্দ্ৰচূড়

ডিজিটেল ডেস্কঃ নিজ সিদ্ধান্ত তথা কৰ্মৰাজীৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। প্ৰতিবন্ধকতা সন্দৰ্ভত এতিয়া মানুহৰ মাজত ইতিবাচক পৰিবৰ্তন অহা লৈ দেশবাসীৰ প্ৰশংসাত পঞ্চমুখ মুখ্য ন্যায়াধীশগৰাকী।

Advertisment

শনিবাৰে বাংগালুৰত "India Accessibility Summit and State Disability Commissioners Conclave"ৰ উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত ডি ৱাই চন্দ্ৰচুড়ে কয় যে প্ৰতিবন্ধকতাৰ প্ৰতি আমাৰ মনোভাৱৰ বহু পৰিবৰ্তন হৈছে। এই পৰিবৰ্তন প্ৰশিক্ষণ, ৰাজহুৱা সভা আৰু নীতি নিৰ্ধাৰণৰ জৰিয়তে আহিছে।

চিজেআইয়ে লগতে কয়, একাডেমীসমূহত প্ৰতিবন্ধকতা সন্দৰ্ভত প্ৰশাসনিক বিষয়া সকলে প্ৰশিক্ষণ প্ৰদান কৰিছে। কোনো কোনো ৰাজ্যত আয়ুক্তসকলে পৰিবৰ্তন অনাৰ উদ্দেশ্যে ৰাইজৰ বাস্তৱ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নীতি নিৰ্ধাৰণৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে।

লগতে ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে,বিশেষভাৱে সক্ষম লোকসকলে সম অধিকাৰ, অনুমতি, স্বায়ত্তশাসন লাভ কৰিবলৈ বহু বাকী আছে। দেশৰ ভিন্ন প্ৰান্তত এতিয়াও লিংগ বৈষম্য,শাৰিৰীক বাধাগ্ৰস্ততাক লৈ এতিয়াও অসমতাই বিৰাজ কৰি আছে। এই ক্ষেত্ৰত আমাক সঠিক পৰ্যালোচনাৰ প্ৰয়োজন আছে।

Also Read: পেৰিছ অলিম্পকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিলে শ্বুটাৰ মানু ভাকৰে

chandrachud