/asomiyapratidin/media/media_files/2025/09/19/new-ap-web-1-21-2025-09-19-11-47-45.jpg)
ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ প্ৰাকক্ষণত তৎপৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আৰক্ষী। শেহতীয়াকৈ দিছপুৰ আৰক্ষীয়ে নিশাৰ অপৰাধ আৰু অসামাজিক কাম-কাজ ৰোধ কৰাৰ বাবে নিশা হাতে হাতে লাঠি লৈ পেট্ৰ’লিঙৰ ব্যৱস্থা কৰাৰ পাছত এইবাৰ অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিছে চানমাৰি আৰক্ষীয়েও।
দুৰ্গা পূজাৰ প্ৰাক্ষণত চানমাৰি আৰক্ষীয়ে নিশা হ’লেই উদণ্ড হৈ পৰা যুৱক-যুৱতী, তথা সুৰাপায়ী আৰু অসামাজিক কাম-কাজত লিপ্ত হৈ পৰিবেশ বিনষ্ট কৰাসকলক কঠোৰ সকিয়নি প্ৰদান কৰিছে। বৃহস্পতিবাৰে ডি চি পি অমিতাভ বসুমতাৰীৰ নেতৃত্বত চানমাৰি আৰক্ষীৰ এটা বৃহৎ দলে হাতে হাতে লাঠি লৈ পেট্ৰ’লিং দিয়ে।
তাৰ পৰাই তেওঁলোকে কঠোৰ সকিয়াই দি কয়, যিকোনো ব্যক্তিয়ে উপদ্ৰৱ সৃষ্টি কৰা বা জনশৃংখলা বিঘ্নিত কৰা বুলি ধৰা পৰিলে তেওঁলোক আৰক্ষীৰ লাঠিৰ সন্মুখীন হ’ব লাগিব। উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা চানমাৰি আৰক্ষীৰ এই দলটোৱে ৰাজগড়ৰ মূল পথ আৰু ইয়াৰ বাইলেনত লাঠি লৈ টহল দিয়ে।
ৰাজগড়ৰ পথৰ পৰা কমাৰ্চ পইণ্টক সংযোগ কৰা অঞ্চলটোৰ লগতে ৰাজগড়ৰ আন আন বাইলেনত বেলি পৰাৰ পিছৰে পৰা একাংশই মুকলিকৈ মদ্যপান কৰাৰ লগতে বিভিন্ন অসামাজিক কাম-কাজতো লিপ্ত হোৱাৰ অভিযোগ আছে। আনহাতে প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত একাংশ উশৃংখল যুৱক-যুৱতীয়ে মুকলি সুৰা সেৱন কৰা, অসামাজিক কামত লিপ্ত হোৱা, শান্তি বিঘ্নিত কৰাৰ ঘটনাৰ উদাহৰণ বহু আছে।
এনে পৰিপ্ৰেক্ষিততে চানমাৰি আৰক্ষীয়ে আগতীয়াকৈ এইদৰে হাতে হাতে লাঠি লৈ চহল দি এক পৰিবেশ গঢ় দিবলৈ চেষ্টা কৰিছে। চানমাৰি আৰক্ষীৰ এনে পদক্ষেপে দুৰ্গা পূজাৰ সময়ত এই অঞ্চলটোত যুৱ উশৃংখলা, অসামাজিক কাম-কাজ, সামাজিক শান্তি বিঘ্নিত কৰিব পৰা ঘটনাৰাজিক ৰোধ কৰিব বুলি আশা কৰা হৈছে।