বছৰৰ শেষত চানডুবি বিলত বনভোজ প্ৰেমীৰ ভিৰ

প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ পৰ্যটকৰ লগতে বনভোজ প্ৰেমীৰ আগমন। অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ মেলানি মাগিব ২০২৫ বৰ্ষই। সকলোৱে নতুন বছৰক আদৰাৰ চলাইছে ব্যাপক প্ৰস্তুতি। পৰ্যটকক আকৰ্ষণৰ কেন্দ্ৰস্থলী চানডুবি বিল।  প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমন। অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত।অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। 

এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা। প্ৰতিবছৰে এক বুজন সংখ্যক লোক বনভোজৰ বাবে বা ফুৰিবলৈ এই বিললৈ আহে। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ এই স্থানত চাফ চিকুণতাৰে পৰিবেশ শান্ত কৰি ৰাখে বাসিন্দা সকলে।

বনভোজৰ বতৰ হিচাপে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীলৈকে বছৰৰ এই চাৰিটা মাহত হাজাৰ হাজাৰ লোকৰ সমাগম হয়।  পদুম ফুলৰ মাজে মাজে নাওঁৰে বিলৰ সৌন্দৰ্য্য উপভোগ কৰে পৰ্যটক সকলে।২০২৬ বৰ্ষ সকলোৰে বাবে মংগল হোৱাৰ কামনা কৰে পৰ্যটক সকলে। নতুন বছৰক আদৰণি জনোৱাৰ লগতে ২০২৫ চনত অসমবাসীয়ে হিয়াৰ আমঠুক হেৰুৱাৰ বেদনা প্ৰকাশ কৰে । ২০২৫ বৰ্ষ সকলোৰে বাবে বোৰ বেয়া বৰ্ষ হিচাপে ৰৈ যাব।সেয়হে ২০২৬ বৰ্ষ যেন ভাল হয় তাৰে কামনা কৰে পৰ্যটক সকলে। 

চানডুবি