/asomiyapratidin/media/media_files/2025/12/02/1-2025-12-02-12-42-47.jpg)
ডিজিটেল ডেস্কঃ চেন্নাইৰ ৰাজভৱনত অসম দিৱস উদযাপন কৰে। এই গৌৰৱময় অনুষ্ঠানত উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচী পৰিচালনা কৰিছিল ৰাজ্যপাল থিৰু আৰ. এন. ৰাভিয়ে । তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক অৰ্থবহ কৰি তোলে।
/asomiyapratidin/media/post_attachments/6f36388d-d68.png)
উল্লেখ্য যে, অনুষ্ঠানটোৰ অন্যতম বিশেষ আকর্ষণ আছিল চেন্নাই অসম স্পিৰিচুৱেল চচাইটিৰ সভাপতি শ্ৰী মনোজ কুমাৰ শর্মাক স্থানীয় ৰাজ্যপালে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা। অসম আৰু তামিলনাডুৰ মাজত সাংস্কৃতিক সম্প্ৰীতি দৃঢ় কৰাত তেওঁৰ সামাজিক অবদানৰ পৰিপ্ৰেক্ষিতত এই সন্মান প্ৰদান কৰা হয়। সমাজসেৱা আৰু সংস্কৃতিগত সমন্বয়ৰ ক্ষেত্ৰত তেওঁৰ কৰ্মই সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-image-2025-12-02-12-46-30.jpeg)
এই বিশেষ সুযোগত ৰাজ্যপাল ভৱনত শ্ৰী প্ৰমুদ বৰা, কুমাৰী লেখাশ্ৰী বুৰাগোহাঁই আৰু শ্ৰীমতী সুদক্ষণা প্রদত্ত উৎকৃষ্ট সাংস্কৃতিক প্ৰদৰ্শন উপস্থাপিত থাকে। ইপিনে চেন্নাইস্থিত অসমীয়া সমাজ একেলগে মিলিত হৈ ইতিহাস, ঐক্য আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা উদযাপন কৰিলে। এই অনুষ্ঠানটোৱে অসম আৰু তামিলনাডুৰ জনগণৰ মাজত থকা সুদৃঢ় ভ্ৰাতৃত্বসূচক সম্পৰ্ক আৰু পৰস্পৰীয় আদৰ-সন্মানৰ মানসিকতাক আৰু অধিক দৃঢ় কৰি তোলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-image-2025-12-02-12-46-48.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us