/asomiyapratidin/media/media_files/2025/12/25/new-ap-web-11-11-24-new-2-2025-12-25-11-14-33.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কামকাজ কৰাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। আছুৰ কৰ্মীসকল প্ৰায়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। অৱশ্যে, ৰাইজে অভিভাৱকত্ব প্ৰদান কৰি আছুক আগুৱাই নিয়াত সহায় কৰিছে। এই মন্তব্য আছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-11-11-34.jpeg)
বুধবাৰে কাছাৰৰ পয়লাপুলত অনুষ্ঠিত আছুৰ কাছাৰ জিলা সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লৈ এই মন্তব্য কৰে কৰে আছু নেতা জনে। আছুৱে অসমৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে কাম কৰি আহিছে। বৰাক- ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়িবলৈ আছুৱে কাম কৰি আহিছে। আছুৰ উদ্যোগত অসমৰ পৰা প্ৰতিবছৰে ২৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণ লোৱাৰ বাবে দিল্লীলৈ পঠিওৱা বুলিও মন্তব্য কৰে সমীৰণ ফুকনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-11-11-49.jpeg)
উল্লেখ্য যে, মুকলি অধিবেশন অনুষ্ঠিত হোৱাৰ পুৰ্বে ৰাতিপুৱা শ্বহীদ বেদীত মাল্যাৰ্পণ, আছুৰ পতাকা উত্তোলন আৰু জুবিন গাৰ্গ আৰু ভুপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰা হয়। ইয়াৰ পিছত আমন্ত্ৰিত আছু নেতৃত্ব, অসম সাহিত্য সভা, ডিমাচা ছাত্ৰ সন্থা, মনিপুৰী, নগা ছাত্ৰ সন্থা, আছুৰ অসম বিশ্ববিদ্যাল শাখা, সদৌ আদিবাসী ছাত্ৰ সন্থা, মাৰ ছাত্ৰ সন্থা, মনিপুৰী মুছলিম ছাত্ৰ সন্থাসহ বিভিন্ন সংগঠনৰ প্ৰতিনিধিক গামোচা আৰু ফুলাম জাপি পিন্ধাই সম্বৰ্ধনা জনায় আয়োজক সকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-11-12-03.jpeg)
মুকলি অধিবেশনত কোচ ৰাজবংশী নৃত্য, ঝুমুৰ নৃত্য, ৰেংমাই নগা নৃত্য, মনিপুৰী নৃত্য ডিমাচা নৃত্য আৰু ধামাইল নৃত্য পৰিবেশন কৰে আমন্ত্ৰিত শিল্পী সকলে। আছুৰ বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি সম্বুধন নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পী সকলৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিপলীনা ডেকাই সংগীত পৰিবেশন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us