Advertisment

ভাৰতীয় চিকিৎসা সন্থাৰ চি জি পিৰ বাৰ্ষিক অধিবেশন

উদ্বোধনী অনুষ্ঠানত ভাৰতীয় চিকিৎসা সন্থাৰ সভাপতি ডাঃ আৰ ভি অশোকনে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰিব। আবেলি ৪ বজাৰ সমাবৰ্তন অনুষ্ঠানত সমাবৰ্তন ভাষণ প্ৰদান কৰিব গিৰিজা নন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে।

author-image
Asomiya Pratidin
New Update
11

ডিজিটেল সংবাদ,গুৱাহাটীঃ  মহানগৰীৰ ৰেডিচন ব্লু হোটেলত ৭-৮ ডিচেম্বৰত ভাৰতীয় চিকিৎসা সন্থাৰ চি জি পিৰ (কলেজ অফ জেনেৰেল প্ৰেক্টিচনাৰ) সৰ্ব ভাৰতীয় বাৰ্ষিক অধিবেশন খনিৰ আয়োজন কৰা হৈছে। ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখা আৰু চি জি পি অসমৰ উদ্যোগত দুদিনীয়াকৈ অধিবেশনৰ আয়োজন কৰা হৈছে।

Advertisment

অধিবেশনখনৰ লগত সংগতি ৰাখি ৭ ডিচেম্বৰৰ পুৱা ৯ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ উদ্যোগত মেডিকেল এথিকচ্ সম্পৰ্কীয় এখনি বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনাত উল্লেখিত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি বৰাই অংশ ল'ব।

ইয়াৰোপৰি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা কমনৱেলথ চিকিৎসা সন্থাৰ সভাপতি অধ্যাপক ডাঃ জে এ জয়ালাল, তামিলনাডুৰ অধ্যাপক এছ  আহুলৰাজ, পি জি আই চণ্ডিগড়ৰ অধ্যাপক ডাঃ বিকাশ মেধি, অধ্যাপক পুতুল মহন্তই আলোচনাত ভাগ ল'ব।

২ বজাত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত ভাৰতীয় চিকিৎসা সন্থাৰ সভাপতি ডাঃ আৰ ভি অশোকনে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰিব। আবেলি ৪ বজাত হ'বলগীয়া সমাবৰ্তন অনুষ্ঠানত সমাবৰ্তন ভাষণ প্ৰদান কৰিব গিৰিজা নন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে।

সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ শিল্পীসকলে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ লগত সংগতি ৰাখি এক অনুষ্ঠান পৰিবেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। দুদিনীয়া এই অধিবেশনখনত ২০০ৰো অধিক প্ৰতিনিধি আৰু সমল ব্যক্তিয়ে ভাগ ল'ব।

মালাচিয়াৰ ডাঃ মুৰুগা ৰাজ, আয়াৰলেণ্ডৰ অনন্ত মহাপাত্ৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ডাঃ তন্ময় শৰ্মা, ইউ কেৰ ডাঃ প্ৰিতি ৰথকে ধৰি বিদেশৰ সমল ব্যক্তিয়ে আলোচনা সমূহত অংশ ল'ব। অংশগ্ৰহণকাৰী সকলৰ ভিতৰত ভাৰতৰ বিশিষ্ট চিকিৎসক সমল ব্যক্তিৰ ভিতৰত পালমনোলজিষ্ট অধ্যাপক ডাঃ ৰনদীপ গুলাৰিয়া, গেষ্ট্ৰোএন্ট্ৰোলজিষ্ট ডাঃ মহেশ গোৱিংকা, কৰ্কট ৰোগৰ বিশিষ্ট চিকিৎসক ডাঃ তপন শইকীয়া, অধ্যাপক সূৰ্য্য কান্ত, ডাঃ টি এন ৰবিশংকৰৰ নাম উল্লেখযোগ্য। 

এই অধিবেশন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আটাইৰে শুভ কামনা আশা কৰি উদযাপন সমিতিৰ সভাপতি ডাঃ সত্যজিৎ বৰা, উপ সভাপতি ডাঃ অপূৰ্ব্ব কুমাৰ ভট্টাচাৰ্য, সম্পাদক ডাঃ হেমাংগ বৈশ্য আৰু ডাঃ দ্বীজেন দাসে প্ৰেছ বিবৃতি যোগে আহ্বান জনাইছে।

ভাৰতীয় চিকিৎসা সন্থা