গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানত মানিন্দৰ কালচী

দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানত দেশ-বিদেশৰ গণ্যমান্য ব্যক্তি, বিশিষ্ট নাগৰিক আৰু বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰা ব্যক্তিসকল একত্ৰিত হয়।

author-image
Asomiya Pratidin
New Update
DGDFSDSDSDSDSD

ডিজিটেল ডেস্কঃ দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানত দেশ-বিদেশৰ গণ্যমান্য ব্যক্তি, বিশিষ্ট নাগৰিক আৰু বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰা ব্যক্তিসকল একত্ৰিত হয়।

উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতিত বৰ্তমান আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপেTGG Technologies Private Limited (ChfMart)ৰ চিইঅ’ তথা মেনেজিং ডাইৰেক্টৰ মানিন্দৰ কালচীক এইবাৰৰ ‘এট হোম’ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হয়। উত্তৰ-পূব অঞ্চলৰ প্ৰতিনিধি হিচাপে তেওঁৰ উপস্থিতিয়ে অঞ্চলটোৰ উদ্যোগপতি সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ স্বীকৃতি হিচাপে বিবেচিত হৈছে।

WhatsApp Image 2026-01-30 at 10.53.30 AM

মানিন্দৰ কালচীয়ে চিফ অপাৰেটিং অফিচাৰ কবিতা ভাৰ্মাৰ সৈতে NEDFiৰ নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড (NEVF)ৰ সহায়ত উত্তৰ-পূবৰ কৃষক আৰু উৎপাদকসকলক ৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰি ফ্ৰ’জেন ফুড যোগান শৃংখলাৰ ক্ষেত্ৰত এক নতুন বিপ্লৱ সূচনা কৰিছে। তেওঁ লগতে অসম ষ্টাৰ্টআপ আৰু আইআইএম কলিকাতা ইনোভেচন পাৰ্কৰ প্ৰাথমিক সহায়ৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে, যিয়ে ChfMartৰ যাত্ৰাৰ ভেটি গঢ়ি তোলে।

এই অভ্যৰ্থনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি চি. পি. ৰাধাকৃষ্ণন, ইউৰোপীয় কাউন্সিলৰ সভাপতি এণ্ট’নিঅ’ কষ্টা আৰু ইউৰোপীয় কমিশনৰ সভাপতি উৰ্ছুলা ভন ডেৰ লাইয়েনকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে। 

WhatsApp Image 2026-01-30 at 10.53.31 AM (1)

উল্লেখযোগ্য যে, এইবাৰৰ ‘এট হোম’ অভ্যৰ্থনাত বিশেষভাৱে উত্তৰ-পূবৰ কলা-সংস্কৃতি, পৰম্পৰাগত জ্ঞান, হস্তশিল্প আৰু খাদ্য সংস্কৃতিক আলোকপাত কৰা হয়। 

এই অনুষ্ঠানৰ পিছত মানিন্দৰ কালচীয়ে সদৰী কৰে যে, “ৰাষ্ট্ৰপতি ভৱনত ‘এট হোম’ অভ্যৰ্থনালৈ আমন্ত্ৰণ পোৱাটো আমাৰ ChfMart দলৰ বাবে এক গভীৰ সন্মান। সেই ঐতিহাসিক বাগিচাত দেশৰ নেতা, উদ্ভাৱক আৰু পৰিবর্তনকাৰীসকলৰ মাজত থিয় হৈ থকা অভিজ্ঞতা অবিশ্বাস্য আছিল।”

WhatsApp Image 2026-01-30 at 10.53.31 AM

তেওঁ এই স্বীকৃতিৰ বাবে তেওঁৰ পত্নী, দল, পৰামৰ্শদাতা আৰু তেওঁলোকৰ যাত্ৰাত বিশ্বাস কৰা সকলোকে ধন্যবাদ জনায়। আগন্তুক বিত্তীয় বৰ্ষত ChfMartয়ে ৩০ কোটি টকাৰ টাৰ্নঅ’ভাৰ লক্ষ্য স্থিৰ কৰাৰ লগতে ক’ল্ডৰুম আৰু ৰীফাৰ ট্ৰাকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে অসমৰ কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি শিল্পাঞ্চলত পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ফ্ৰ’জেন ফুড প্ৰচেছিং প্লাণ্ট স্থাপনৰ পৰিকল্পনা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে, এই অনুষ্ঠানলৈ উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাকো আমন্ত্ৰণ জনোৱা হৈছিল। উত্তৰ-পূবৰ শক্তিশালী আৰু প্ৰভাৱশালী সংবাদগোষ্ঠীটোক নেতৃত্ব দি সমাজ আৰু জাতীয় জীৱনলৈ বৰঙণি আগবঢ়োৱা জয়ন্ত বৰুৱাই ২৬জানুৱাৰী, ২০২৬ত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত উক্ত অনুষ্ঠানত অংশ লৈছিল। 

708a8cd0-1450-4d2b-8210-96b658af2ec2

ৰাষ্ট্ৰপতি