ডিজিটেল ডেস্কঃ ডনাৰ মন্ত্ৰণালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ মুঠ ৩৪১৭.৬৮ কোটি টকাৰ ৯০ টা প্ৰকল্পৰ অনুমোদন জনাইছে। এই প্ৰকল্প সমূহৰ বাবে আবন্টিত বেছি সংখ্যক পুঁজিয়ে লাভ কৰিছে অসমে।
লোকসভাত সাংসদ বিপ্লৱ কুুমাৰ দেৱৰ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে ডনাৰ ৰাজ্যিক মন্ত্ৰী সুক্ৰান্ত মজুমদাৰে। তেওঁ জনাই যে, উত্তৰ-পূূবৰ ৰাজ্যসমূহলৈ এন ই এছ আই জিএছ ৰ অধীনত এই প্ৰকল্প সমূহৰ বাবে ধন দিয়া হৈছে।
এইবোৰৰ ৰূপায়ণৰ ক্ষেত্ৰত চোৱা-চিতা কৰাৰ দায়িত্ব ডনাৰ মন্ত্ৰণালয়ৰ লগতে ৰাজ্য চৰকাৰৰ আছে। এই প্ৰকল্প সমূহ চোৱা-চিতা কৰিবলৈ ডনাৰ মন্ত্ৰণালয়ৰ বিষয়াই প্ৰকল্পস্থলী পৰিদৰ্শন কৰা লগতে সেইবোৰ তদাৰক কৰিবলৈ ফিল টেকনিকেল চাপৰ্ট ইউনিটো আছে।
এন ই এছ আই ডি এছ আঁচনিয়ে মূলতঃ বাট-পথ,দলং আৰু স্বাস্থ্যসেৱা, শিক্ষা,পানীযোগান, জাবৰ ব্যৱস্থাপনা, উদ্যোগিক উন্নয়ণ,খেল আদি ক্ষেত্ৰ সমূহৰ বাবে এই প্ৰকল্প সমূহ গ্ৰহণ কৰিছে। প্ৰকল্প সমূহৰ ব্যয় ৫ কোটিৰ পৰা ৫০ কোটিৰ ভিতৰত ধাৰ্য কৰা হৈছে।
আবন্টন দিয়া মুঠ ধনৰ পৰা ১৩৯২.৪৩ কোটি টকা লাভ কৰিছে অসমে। ইয়াৰে ৮৪৮.৬৯ কোটি টকা পথ নিৰ্মাণৰ বাবে দিয়া হৈছে। অসমৰ পাছতে ডনাৰে এই প্ৰকল্পৰ বাবে দিয়া ধনৰ দ্বিতীয় সৰ্বোচ্ছ ৰাশি লাভ কৰিছে অৰুণাচলে।
অৰুণাচলে ডনাৰ মন্ত্ৰণালয়ৰ পৰা এই পৰ্যন্ত উল্লেখিত সময়ছোৱাত ৬০৩.৯১ কোটি টকা পাইছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্য পথ নিৰ্মাণৰ বাবে ডনাৰ জৰিয়তে যোৱা ৩ বছৰত ব্যয় হোৱা সৰ্বমুঠ ধনৰ পৰিমাণ ১৮১৩.৯৯ কোটি।