প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত শোক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বিজেপি অসম প্ৰদেশৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

author-image
Asomiya Pratidin
New Update
595

ডিজিটেল সংবাদ, গুৱাহাটী : বিজেপি অসম প্ৰদেশৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হ’লোঁ। বিজেপিৰ এগৰাকী সমৰ্পিত নেতা হিচাপে তেখেতে নিঃস্বাৰ্থ সেৱাৰে তৃণমূল পৰ্যায়ৰপৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।

তেখেতৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আছিল দেশ আৰু দলৰ প্ৰতি অটল দায়বদ্ধতা আৰু সমৰ্পণৰ উজ্জ্বল নিদৰ্শন। মোৰ দৰে হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ বাবে তেখেতৰ অম্লান কৰ্মৰাজি আৰু আদৰ্শ অহৰহ প্ৰেৰণাৰ উৎস হৈ ৰ'ব। তেখেতৰ মৃত্যু মোৰ ব্যক্তিগত জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি।

কাৰণ নিজৰ নিষ্ঠা আৰু মাৰ্গদৰ্শনেৰে তেখেত মোৰ বাবে পিতৃস্বৰূপ আছিল ৷ তেখেতৰ বিয়োগে অসমৰ ৰাজনৈতিক পৰিৱেশত এনে এক শূন্যতাৰ সৃষ্টি কৰিলে, যাক পূৰণ কৰাটো অত্যন্ত কঠিন হ’ব ৷ এই দুখৰ ক্ষণত তেখেতৰ শোকসন্তপ্ত পুত্ৰ তথা ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থ, পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ ৷

সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল