ডিজিটেল ডেস্ক : বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আয়কৰ ৰেইহাকে ধৰি জি ডি পি সম্পৰ্কত কেতবোৰ মন্তব্য কৰে। আয়কৰ ৰেহাই সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- ২০২৫-২৬ বাজেটত প্ৰদান কৰা আয়কৰ ৰেহাইৰ লগতে জি এছ টি হাৰ যুক্তিসংগতকৰণে ভাৰতৰ অৰ্থনীতিক আৰু অধিক আন এটা স্তৰলৈ আগুৱাই লৈ যোৱ হ’ব।
২০১৪ চনৰ আগতে কৰ ব্যৱস্থাটো অতি জটিল আছিল আৰু সামগ্ৰীৰ ওপৰত একাধিক স্তৰত কৰ আৰোপ কৰা হৈছিল। জিএছটিয়ে ইয়াক সহজ কৰি তুলিছে। জিএছটি সংস্কাৰত এই যুক্তিবাদ আৰু সৰলীকৰণে মানুহৰ জীৱন সহজ কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
আনহাতে দৈনিক ব্যৱহাৰৰ সকলো সামগ্ৰীয়ে পৰৱৰ্তী সংস্কাৰৰ অধীনত জি এছ টি হ্ৰাস কৰা দেখা গৈছে বুলিও তেওঁ কয়।
ইফালে জিডিপিত ২০ লাখ কোটি টকা সংযোজন কৰিবলৈ নতুন সংস্কাৰ প্ৰয়োগ কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। জি এছ টি সংস্কাৰে ভাৰতৰ অৰ্থনীতিক আৰু অধিক আগুৱাই নিব। বিশুদ্ধ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আমাৰ জিডিপি বৰ্তমান ৩.৩০ লাখ কোটি টকা, ইয়াৰে ২.০২ লাখ কোটি টকা আমি ব্যৱহাৰ কৰিব পাৰোঁ।
আমাৰ ব্যৱহাৰ ১০% বৃদ্ধি হ'লেও আমাৰ হাতত ২০ লাখ কোটি টকা অতিৰিক্ত খৰচ থাকিব, যিয়ে জিডিপিত অৰিহণা যোগাব বুলি তেওঁ মন্তব্য কৰে।
আয়কৰ ৰেহাই আৰু জিডিপিৰ সম্পৰ্কত সংবাদমেলযোগে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য...
বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আয়কৰ ৰেইহাকে ধৰি জি ডি পি সম্পৰ্কত কেতবোৰ মন্তব্য কৰে। আয়কৰ ৰেহাই সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- ২০২৫-২৬ বাজেটত প্ৰদান কৰা আয়কৰ ৰেহাইৰ লগতে জি এছ টি হাৰ যুক্তিসংগতকৰণে