ডিজিটেল ডেস্কঃ অযোধ্যাৰ বিবদমান ভূমি গোচৰৰ শুনানি গ্ৰহণ কৰা উচ্চতম ন্যায়ালয়ৰ ৫গৰাকী ন্যায়াধীশেৰে গঠিত সাংবিধানিক বিচাৰপীঠৰ এগৰাকী ন্যায়াধীশ আব্দুল নজীৰ আৰু তেওঁৰ পৰিয়ালক জেড শ্ৰেণীৰ নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে, পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (পিএফআই) নামৰ এক সংগঠনৰ পৰা ন্যায়াধীশগৰাকীয়ে ভাবুকি লাভ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে তেওঁক জেড শ্ৰেণীৰ নিৰাপত্তা প্ৰদানৰ কথা দেওবাৰে ঘোষণা কৰে।
খবৰ অনুসৰি, ন্যায়াধীশ আব্দুল নজীৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ জীৱনৰ প্ৰতি ভাবুকি থকা বুলি চোৰাংচোৱা সংস্থাই গৃহ মন্ত্ৰণালয়ক অৱগত কৰিছিল। তাৰ পিছতে গৃহ মন্ত্ৰণালয়ে চিআৰপিএফ আৰু স্থানীয় আৰক্ষীক ন্যায়াধীশগৰাকীৰ নিৰাপত্তা প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে, ন্যায়াধীশ নজীৰ আৰু তেওঁৰ পৰিয়ালক তৎকালীনভাৱে বলবৎ হোৱাকৈ কৰ্ণাটক আৰু দেশৰ অন্য প্ৰান্তত জেড শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰাপত্তাৰক্ষী আৰু আৰক্ষীক গৃহমন্ত্ৰণালয়ে নিৰ্দেশ জাৰি কৰিছে। এই ব্যৱস্থা অনুসৰি, ন্যায়াধীশ গৰাকী আৰু তেওঁৰ পৰিয়ালে অৰ্ধ সামৰিক বাহিনী আৰু আৰক্ষীৰ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা দেশৰ যিকোনো প্ৰান্তত লাভ কৰিব। স্মৰ্তব্য যে, চৰকাৰে ইয়াৰ পূৰ্বে অযোধ্যা গোচৰৰ ৰায়দানৰ পিছতে দেওবাৰে অৱসৰ গ্ৰহণ কৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক 'জেড প্লাছ' নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।