/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2026-02-09-23-37-26.jpeg)
ডিজিটেল ডেস্কঃ হোলীৰ আগমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে আহিব পাৰে ভাল খবৰ। এইবাৰ হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ডিএ (Dearness Allowance) ২ শতাংশ বৃদ্ধি কৰা সম্ভাৱনা আছে। ইয়াৰ ফলত সৰ্বনিম্ন দৰমহা পোৱা কৰ্মচাৰীৰ মাহিলী ডিএ ১০,৮০০ টকালৈ বৃদ্ধি পাব। একে সময়তে পেঞ্চনভোগীসকলেও ডিআৰ (Dearness Relief) বৃদ্ধিৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে, বৰ্তমান ৭ম বেতন আয়োগৰ অধীনত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে ৫৮ শতাংশ ডিএ লাভ কৰি আছে। ২০২৫ চনৰ অক্টোবৰত মুদ্ৰাস্ফীতিৰ তথ্যৰ আধাৰত ৩ শতাংশ বৃদ্ধি অনুমোদন কৰাৰ পাছত এই হাৰ কাৰ্যকৰী হৈছিল। নতুনকৈ প্ৰকাশিত তথ্যই ডিএ পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা জোৰদাৰ কৰিছে। শ্ৰম মন্ত্ৰালয়ৰ অধীনত প্ৰকাশিত অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইনডেক্স–ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ (AICPI-IW) অনুসৰি, ২০২৫ চনৰ ডিচেম্বৰ মাহত সূচকাংক ১৪৮.২ত উপনীত হৈছে। ইয়াৰ ফলত ১২ মাহৰ গড় ১৪৫.৫৪লৈ বৃদ্ধি পাইছে।
এই সূচকাংকৰ আধাৰত ডিএত ২ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা শক্তিশালী হৈছে বুলি অৰ্থনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। যদিও ডিএ বৃদ্ধি সাধাৰণতে জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হয়, তথাপি চৰকাৰী ঘোষণা প্ৰায়েই কিছু পলমে আহে। সেয়ে এইবাৰো কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলে জানুৱাৰী আৰু ফেব্ৰুৱাৰী—এই দুটা মাহৰ বকেয়া ডিএ একেলগে লাভ কৰাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us