/asomiyapratidin/media/media_files/2025/09/03/1233454-2025-09-03-14-18-07.jpg)
ডিজিটেল ডেস্ক : ভাৰত চৰকাৰে ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ (ৰেহাই) অৰ্ডাৰ, ২০২৫ জাৰি কৰিছে। য’ত আফগানিস্তান,বাংলাদেশ, পাকিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা ব্যক্তিসকলক বৈধ পাছপ’ৰ্ট, ভ্ৰমণ নথি, ভিছাৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। লগতে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ কথা অধিসূচনাত উল্লেখ কৰে।
তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে ‘কা’ৰ অধীনত নাগৰিকত্বৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে। অধিসূচনাত উল্লেখ কৰা অনুসৰি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব।
অৱশ্যে পূৰ্বে এই সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। একেদৰে হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্রীষ্টিয়ান লোকক নাগৰিকত্ব প্ৰদান কৰা কথা ৰাজহুৱা কৰে কেন্দ্ৰীয় চৰকাৰে।
আনহাতে অধিসূচনাত এই কথাও উল্লেখ কৰে যে, নেপাল বা ভূটানৰ পৰা স্থল বা বিমানযোগে উভতি অহা ভাৰতীয় নাগৰিকসকলো এই প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হ’ব। কিছুমান চৰ্তত ভাৰতত প্ৰৱেশ কৰা নেপাল আৰু ভূটানৰ নাগৰিকক নাগৰিতকত্ব দিব। সামগ্ৰিকভাৱে ইমিগ্ৰেচন আৰু বিদেশী (ৰেহাই) আদেশ, ২০২৫ৰ লক্ষ্য হৈছে- মানৱীয় উদ্বেগ আৰু কূটনৈতিক সম্পৰ্কসমূহৰ সৈতে মোকাবিলা কৰা। লগতে বিভিন্ন গোটৰ বাবে প্ৰৱেশ আৰু প্ৰস্থান প্ৰক্ৰিয়া সুশৃংখলিত কৰা।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us