পথৰুঘাটত উদযাপন কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস

দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ পথৰুঘাটত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসন শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ সাতকুৰি কৃষকে প্ৰাণ আহুতি দিছিল।

author-image
Asomiya Pratidin
New Update
gjhgjhgjhjhbgjh

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ পথৰুঘাটত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসন শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ সাতকুৰি কৃষক প্ৰজাই প্ৰাণ আহুতি দিছিল। বুকুৰ তপত তেজেৰে ইতিহাস ৰচা সেই সকল বীৰ কৃষক শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত বিগত বৰ্ষৰ দৰে এইবেলিও বৰ্ণাঢ্য ৰূপত ২৬,২৭ আৰু ২৮ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে কৃষক দিৱস আৰু ৰাইজমেলা উদযাপনৰ কৰা হৈছে।

WhatsApp Image 2026-01-28 at 5.13.19 PM (1)

কাৰ্যসূচীৰ অন্তিম‌দিনা বুধবাৰে ৯ বজাত কৃষক শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰে দৰং জিলাৰ আয়ুক্ত পূৱালী গোহাঁইয়ে। ৯-১৫ বজাত কৃষক শ্বহীদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, ১০ বজাত গছপুলি ৰোপণ, ১০-৩০ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। পৌৰহিত্য কৰে ছিপাঝাৰ সম জিলাৰ আয়ুক্ত পাপৰি দাসে।

WhatsApp Image 2026-01-28 at 5.13.19 PM

ইফালে, ১০-৪৫ বজাত গ্ৰন্থ বিপনীৰ দ্বাৰ উদ্ঘাটন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ৰামচন্দ্ৰ ডেকাই। ১১ বজাত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা, বিশিষ্ট অতিথি হিচাপে সাংসদ দিলীপ শইকীয়া, বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী। স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মাই। অনুষ্ঠানত কৃষক শ্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয়।

পথৰুঘাট