কেন্দ্ৰীয় বাজেট ২০২৬ : উপকৃত হ’ব বেংক, চিমেণ্ট তথা স্বাস্থ্যখণ্ড

কেন্দ্ৰীয় বাজেট অধিবেশন সমাগত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত দাখিল কৰিব কেন্দ্ৰীয় বাজেট । বাজেট দাখিলৰ পূৰ্বে একাধিক বিত্তীয় কোম্পানীয়ে নিৰ্ধাৰণ কৰিছে ভৱিষ্যতবাণী। 

author-image
Asomiya Pratidin
New Update
665

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় বাজেট অধিবেশন সমাগত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত দাখিল কৰিব কেন্দ্ৰীয় বাজেট । বাজেট দাখিলৰ পূৰ্বে একাধিক বিত্তীয় কোম্পানীয়ে নিৰ্ধাৰণ কৰিছে ভৱিষ্যতবাণী। 

বিত্তীয় কোম্পানী এক্সিছ ছিকিউৰিটিজে কৰা ভৱিষ্যতবাণী অনুসৰি এইবাৰ কেন্দ্ৰীয় বাজেটে কেইবাটাও ষ্টকৰ ওপৰত প্ৰভাৱ পেলাব। সংস্থাকেইটাৰ বিশেষজ্ঞসকলে এই সম্পৰ্কত কয় যে মূলধনী ব্যয় বা কেপেক্স বৃদ্ধিৰ লগে লগে বেংকিং খণ্ডই সুবিধা লাভ কৰিব। তেনে ক্ষেত্ৰত এছ বি আই, এইচ ডি এফ চি বেংক, বেংক অৱ বৰোদা আৰু আই চি আই চি আই বেংকে লাভৰ মুখ দেখিব পাৰে।

একেদৰে দেশৰ আন্তঃগাঁথনি খণ্ডও লাভৱান হ’ব। বিশেষজ্ঞসকলে এই খণ্ডত মূলধনী ব্যয় ১০ৰ পৰা ১৫ শতাংশ বৃদ্ধি পাব বুলি আশা কৰিছে। ইয়াৰ ফলত আল্ট্ৰাটেক চিমেণ্ট, ডালমিয়া ভাৰত, জে কে চিমেণ্ট আৰু অম্বুজা চিমেণ্টে ভাল ফলাফল লাভ কৰিব পাৰে। 

এই বাজেটৰ পৰা দেশৰ ফাৰ্মা আৰু স্বাস্থ্যসেৱা উদ্যোগে একাধিক আৰ্থিক সহায় পাব পাৰে। সেই আশাৰে ছান ফাৰ্মা আৰু এপ’ল’ হাস্পতালৰ দৰে স্বাস্থ্যসেৱাৰ শ্বেয়াৰৰ দাম বৃদ্ধি পাব পাৰে। দেশৰ কেইবাখনো সৰু চহৰত কেইবাখনো নতুন হোটেল মুকলি হোৱাৰ বাবে আগন্তুক বাজেটত পৰ্যটন আৰু আতিথ্য খণ্ডতো বৃদ্ধিৰ আশা কৰা হৈছে। যদি তেনেকুৱা হয় তেন্তে টাটা ইণ্ডিয়ান হোটেল আৰু অন্যান্য কোম্পানীসমূহে লাভৱান হ’ব।

তাৰোপৰি দাখিল কৰিব লগা বাজেটে এইবাৰ মধ্যবিত্ত শ্ৰেণীক বিশেষভাৱে সকাহ দিব বুলি পূৰ্বানুমান কৰা হৈছে। ১৭ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা কৰ্মচাৰীৰ বাবে কৰমুক্ত হ’ব বুলিও ভৱিষ্যতবাণী কৰিছে বিশেষজ্ঞসকলে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ