ধুবুৰী জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় অৰুণোদয় দিৱস পালন

ধুবুৰী জিলা সাহিত্য সভাই বৃহস্পতিবাৰে বগৰীবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বগৰীবাৰীৰ আৰ্ট অৱ লিভিঙৰ আতিথ্যত বগৰীবাৰীৰ আঠানীৰ ৰাজবাৰীত দিনজোৰা কাৰ্যসূচীৰে অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহ দিৱস পালন কৰে।

author-image
Asomiya Pratidin
New Update
567

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা সাহিত্য সভাই বৃহস্পতিবাৰে বগৰীবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বগৰীবাৰীৰ আৰ্ট অৱ লিভিঙৰ আতিথ্যত বগৰীবাৰীৰ আঠানীৰ ৰাজবাৰীত দিনজোৰা কাৰ্যসূচীৰে অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহ দিৱস পালন কৰে। পুৱাৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বগৰীবাৰী শাখা সাহিত্য সভাৰ সভাপতি প্ৰকৃতিশ চন্দ্ৰ সাহাই।

স্মৃতি তৰ্পণৰ বন্তি প্ৰজ্বলন কৰে আৰ্ট অৱ লিভিংৰ আচাৰ্য ব্ৰহ্মচাৰী অচ্যুতে আৰু স্মৃতি তৰ্পণ কৰে অৱসৰ প্ৰাপ্ত শিক্ষক ভৰত চন্দ্ৰ বৰ্মনে। জননেতা শৰৎচন্দ্ৰ সিংহৰ মাল্যাৰ্পন কৰে বগৰীবাৰীৰ হৰেন্দ্ৰ নাৰায়ণ চেমিনাৰীৰ অধ্যক্ষ আবিদা ইয়াছমিনে ।

গছপুলি ৰোপণ কৰে খোৰাঘাটৰ আঞ্চলিক বন বিষয়া সাহানুৰ আলমে। পুৱা ১০ বজাৰ পৰা বগৰীবাৰী শাখাৰ বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। দিনৰ ১১বজাৰ পৰা ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

সভাখনৰ আঁ‌ত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক আব্দুছ ছালামে। সভাৰ আৰম্ভণিতে স্থানীয় শিল্পীবৃন্দই চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশন কৰে। সভাখন উদ্বোধন কৰে ধুবুৰী উকীল সন্থাৰ সভাপতি নুৰ ইছলাম চৌধুৰীয়ে।

WhatsApp Image 2026-01-01 at 7.03.02 PM

আদৰণী ভাষণ প্ৰদান কৰে শাখা সাহিত্য সভাৰ সভাপতি প্ৰকৃতিশ চন্দ্ৰ সাহাই। এই অনুষ্ঠানত অৰুণোদয় দিৱসৰ মূল ভাষণ প্ৰদান কৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অলকা শৰ্মাই। তেওঁ ভাষণ প্ৰসংগত অসমীয়া ভাষাৰ দুৰ্যোগপূৰ্ণ দিনবোৰৰ ব্যাখ্যা কৰাৰ লগতে আমেৰিকান ব্যাপ্তিষ্ঠ মিছনেৰীসকলৰ অসমীয়া ভাষাৰ প্ৰতি আগবঢ়োৱা অৱদান, অৰুণোদয়ৰ ভূমিকা, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আদিৰ মহান অৱদানৰ বিষয়ে খৰচি মাৰি আলোচনা কৰে। 

জননেতা শৰৎচন্দ্ৰ সিংহৰ জীৱনৰ সম্পৰ্কত আলোকপাত কৰে সভাৰ সন্মানীয় অতিথি তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি বাসৱ চন্দ্ৰ কলিতাই। পৰম সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে বিবেকানন্দ জাতীয় বিদ্যালয়ৰ প্ৰমোদ চন্দ্ৰ কলিতাই।

সন্মানীয় অতিথি তথা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পাঞ্জাবাৰী পঞ্চৰত্ন গুৱাহাটী অধিবেশনৰ সাধাৰণ সম্পাদক বিজু দেৱীয়ে ভাষণ প্ৰদান কৰে। তেওঁ‌ গুৱাহাটী অধিবেশনৰ সফলতাৰ বাবে সকলোৰে সহযোগিতা বিচাৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি আগন্তুক গুৱাহাটী অধিবেশনৰ আদৰণী সমিতিৰ সভাপতি ড° হীৰালাল বৰাই এক সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। তেওঁ‌ আধ্যাত্মিক তত্ত্বৰ ওপৰত ব্যাখ্যা প্ৰদানৰ লগতে গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰে।

WhatsApp Image 2026-01-01 at 7.03.03 PM

আজিৰ অনুষ্ঠানত ধুবুৰী জিলা সাহিত্য সভাই প্ৰথম বাৰৰ বাবে জননেতা শৰৎচন্দ্ৰ সিংহ সমাজ ৰত্ন সন্মান প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ,সমাজ সেৱক ক্ষিতীশ চন্দ্ৰ ৰায়ক। তেওঁ‌ অনুভৱ ব্যক্ত কৰি শৰৎচন্দ্ৰ সিংহৰ সততা, নীতি আদৰ্শ আৰু সান্নিধ্যৰ সোঁৱৰণ কৰে। সাংবাদিক বৃন্দৰ তৰফৰ পৰা বিশিষ্ট অতিথি জ্যেষ্ঠ সাংবাদিক মনালিছা শৰ্মা, পংকজ বেজবৰুৱা, আছিকুৰ ৰহমান, প্ৰণৱাশীষ ৰয়,মোছলেম উদ্দিন আহমেদ, মুনমী কলিতা আদিয়ে। 

অনুষ্ঠানটোত ২৫জন সাংবাদিকক জিলা সাহিত্য সভাৰ তৰফৰ পৰা অৰুণোদয় বিশেষ সন্মান প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানটোত শিল্পীসকলে গোৱালিনী নৃত্য, বিহু নৃত্য, গোৱালপৰীয়া লোকগীত নৃত্য পৰিবেশন কৰে।

এই অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ  জিলা প্ৰতিনিধি আজাদ আলী আহমেদ, নিখিল ৰঞ্জন দাস,সাধু চৰণ ৰায়,মাধৱ নাথ, জিলা পত্ৰিকা সম্পাদক কাব্যেণ্ড চক্ৰৱৰ্তী প্ৰমুখ্যে দুই শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শলাগ জ্ঞাপন কৰে বগৰীবাৰীৰ শাখা সাহিত্য সভাৰ সম্পাদক নজৰুল ইছলামে। জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

ধুবুৰী জিলা