মধ্য ইংলেণ্ডৰ লেষ্টাৰত সুধাকণ্ঠ  ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী,শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন...

সুধাকণ্ঠ  ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডাঃ তৰুণ চৌধুৰীয়ে তেখেতৰ জীৱনৰ লগত ভূপেনদাৰ জড়িত মধুৰ ক্ষণবোৰ উল্লেখ কৰে । লগতে তেওঁ ভূপেনদাৰ এটি গীত পৰিৱেশন কৰে।

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল  ডেস্কঃ  মধ্য ইংলেণ্ডৰ লেষ্টাৰ চহৰত  ২৪ জানুৱাৰীত অসম সাহিত্য সভা যুক্তৰাজ্যই দিনজোৰা কাৰ্য্যসূচীৰে ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী , শিল্পী দিৱসৰ লগতে ৭৬তম ভোগালী বিহু পালন কৰে । অনুষ্ঠানটি আৰম্ভ কৰাৰ পূৰ্বে জ্যোতিপ্ৰসাদ আগৰৱালা ,বিষ্ণু ৰাভা,ভূপেন হাজৰিকা আৰু বিগত বছৰত অসমী আইয়ে হেৰুৱা শিল্পী সকলক স্মৰণ কৰি বন্তি প্ৰজ্বনৰ আৰু শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে।

WhatsApp Image 2026-01-26 at 12.51.26 PM

সভানেত্ৰী গীতা বৰুৱাই ৰূপকোঁৱৰ জ‍্যোতি প্ৰসাদ আগৰৱালাৰ অসমীয়া সংগীতও বোলছৱি জগত অৱদান দাঙি ধৰাৰ লগতে উপদেষ্টা মঞ্জিৰা চৌধুৰীয়ে  এটি সংস্কৃত শ্লোকেৰে অসমীয়া সংগীত জগতৰ মহানায়ক জুবিন গাৰ্গ,অনাতাৰ শিল্পী চায়েদুল্লা , বাহী বাদক দীপক শৰ্মা ,সমৰ হাজৰিকা আৰু বেহেলাৰ বাদক মিনতি খাউণ্ডক স্মৰণ কৰে। তেখেতসকলৰ অসমীয়া সংগীত, সাহিত‍্য আৱদানৰ পৰিষৰ উল্লেখ কৰে। প্ৰয়াত ডাঃ কৰুণা সাগৰ দাসৰ ধৰ্ম পত্নীৰ আৰু সাহিত‍্য সভাৰ সদস‍্য ৰুমী দাসৰ বিয়োগত যুক্তৰাজ‍্য সাহিত‍্য সভাই তেখেতৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা কৰে।

WhatsApp Image 2026-01-26 at 12.51.25 PM (2)


 উল্লেখ্য যে, অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ''হে মহান শিল্পী ''শিৰোনামাৰে শিল্পী সকলক সুৱৰি ভানুশ্ৰী মেধি বিজয়ে স্বৰচিত কবিতা পাঠ কৰে।  প্ৰৱাসতো অসমীয়াৰ হেপাঁহৰ  ভোগালী বিহুক “অগ্নি প্ৰজ্বলন “শ্লোক উচ্চাৰিত কৰি সভাৰ উপদেষ্ঠা লাহৰী বৰঠাকুৰে ভোগালী বিহুৰ বিষয়ে চমুকৈ কয় লগতে খেলধেমালিৰো আয়োজন কৰে । সুধাকণ্ঠ  ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডাঃ তৰুণ চৌধুৰীয়ে তেখেতৰ জীৱনৰ লগত ভূপেনদাৰ জড়িত মধুৰ ক্ষণবোৰ উল্লেখ কৰে লগতে ভূপেনদাৰ এটি গীত পৰিৱেশন কৰে। এই বিশেষ অনুষ্ঠানটিত ভূপেনদা আৰু জুবিন গাৰ্গৰ ন-পুৰণি গীত ৰ ওপৰত কুইজ আৰু অন্তাক্ষৰ প্ৰতিযোগিতা আয়োজিত কৰে মঞ্জিৰা চৌধুৰীয়ে। 

WhatsApp Image 2026-01-26 at 12.51.25 PM

 সুধাকণ্ঠ  ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়া আৰম্ভণি  কৰে ভৱানী কাকতিৰ নেতৃত্বত পৰিৱেশিত ভূপেন দাৰ গীত “মানুহে মানুহ বাবে” গীতটিৰে। অনুষ্ঠানত আদ্ৰিতি কাশ্যপ , জোনাকপ্ৰিয়া দাস আৰু বৰ্নিতা দত্ত , ডাঃ ভাস্কৰ দত্তই পৰিৱেশিত ভূপেন হাজৰিকাৰ গীতে সকলোকে মন্ত্রমুগ্ধ কৰে। নভ্যায়া কুক্ৰেজা ,বিস্তীৰ্ণা হাজৰিকা ,বহনা শইকীয়াই ক্ৰমে জুবিন গাৰ্গৰ গীত আৰু ভূপেনদাৰ গীতৰ ওপৰত কৰা নৃত‍্যই দৰ্শকক মোহিত কৰে। সাংস্কৃতিক সন্ধিয়াৰ আতঁ ধৰা ভৱানী কাকতিয়ে এটি জ‍্যোতি সংগীতেৰে সামৰণি কৰে। ইপিনে সম্পাদিকা জাহ্নৱী গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে অসমীয়া ভোগালীৰ জা জলপান আৰু  নৈশ আহাৰ উপভোগ কৰে প্ৰতিজন  প্ৰৱাসী অসমীয়াই। যুক্তৰাজ‍্য অসম সাহিত‍্য সভাই আয়োজন কৰা এই বিশেষ অনুষ্ঠানটিৰ জৰিয়তে।