বাক্সা জিলা বিজেপিৰ উদ্যোগত জুবিন গাৰ্গৰ এমহীয়া তিথি পালন...

বাক্সা জিলাৰ সদৰ মুছলপুৰত থকা বাক্সা জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত দেওবাৰে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ উপলক্ষে শিল্পীগৰাকীৰ এমহীয়া শ্ৰাদ্ধৰ আৰোজ, বন্দনা আৰু পুৰোহিতৰ বৈদিক নিয়ম নীতিৰে পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
zg121

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ সদৰ মুছলপুৰত থকা বাক্সা জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত দেওবাৰে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ উপলক্ষে শিল্পীগৰাকীৰ এমহীয়া শ্ৰাদ্ধৰ আৰোজ, বন্দনা আৰু পুৰোহিতৰ বৈদিক নিয়ম নীতিৰে পালন কৰা হয়। পুৱাৰ ভাগত বিজেপিৰ কাৰ্যকৰ্তা সকলে জুবিন বিহীন এটি মাহ উপলক্ষে প্ৰয়াত প্ৰাণৰ শিল্পী গৰাকীলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি অনুষ্ঠিত কৰে।

শিল্পীগৰাকীৰ প্ৰতিকৃতিত বিজেপিৰ সকলো কাৰ্যকৰ্তাই পুষ্পাঞ্জলি প্ৰদান কৰি আত্মাৰ সদ্গতিৰ কামনা কৰে। ইয়াৰ পিছত পুৰোহিতৰ বৈদিক নিয়ম নীতিৰে শিল্পী গৰাকীৰ মৃত্যুৰ এমহীয়া শ্ৰাদ্ধ সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে সম্পন্ন কৰা হয়।

শেষত আয়তী সকলৰ নাম প্ৰসংগেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচীৰ সামৰণি মৰা হ'ব বুলি জানিবলৈ দিয়ে বাক্সা বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাই ।

বাক্সা