চপাইদাঙত জুবিন গাৰ্গৰ ওপজা দিন উদযাপন

অসমৰ সমাজ জীৱনৰ দুই পুৰোধা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস আৰু জুবিন গাৰ্গৰ ওপজা দিন মঙলবাৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত

author-image
Asomiya Pratidin
New Update
253

ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ সমাজ জীৱনৰ দুই পুৰোধা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস আৰু জুবিন গাৰ্গৰ ওপজা দিন মঙলবাৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত, বোন্দা ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ আতিথ্যত আৰু বৃহত্তৰ চপাইদাংবাসী ৰাইজৰ আন্তৰিক সহযোগিতাত চপাইদাং লক্ষ্মী মন্দিৰৰ খেলপথাৰত ৰাইজৰ উপস্থিতিত উদযাপন কৰে।

পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি কিৰণ চন্দ্ৰ মহন্তই।‌ ইয়াৰ পিছত ৰঘুনাথ চৌধাৰী আৰু জুবিন গাৰ্গৰ স্থিৰ চিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য অৰ্পণ কৰে ক্ৰমে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা আৰু আদৰণি সমিতিৰ সম্পাদক পংকজ বড়োই।

মন্দিৰ খেলপথাৰ আৰু জুবিন গাৰ্গৰ সংগৃহীত ভূমিত গছপুলি ৰোপণ কৰে ক্ৰমে চপাইদাং জনজাতি ৰূপালী সংঘৰ সভাপতি ভৰলু বড়ো, সমাজকৰ্মী আনন্দ বড়ো, বীৰেণ খাখলাৰিয়ে । ১০ বজাৰ পৰা অনুষ্ঠিত কবি সন্মিলনৰ আঁত ধৰে শাখা সাহিত্য সভাৰ উপ-সভাপতি, শিক্ষক প্ৰশান্ত গগৈয়ে।

অনুষ্ঠানত তিনি কুৰি কবিয়ে কবিতা পাঠ কৰে । বিয়লি জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়।

শাখা সাহিত্য সভাৰ সম্পাদক বৈকুণ্ঠ নাথ দাসে আঁত ধৰা, জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী ড০ সূৰ্যকান্ত হাজৰিকাই মুখ্য অতিথিৰ ভাষণত ৰঘুনাথ চৌধাৰীৰ জীৱন বৃত্তান্ত দাঙি ধৰি কয়- প্ৰকৃতি আৰু চৰাইৰ প্ৰতি তেওঁৰ দুৰ্বাৰ আকৰ্ষণ আছিল। সাম্প্ৰতিক সময়ত একাংশই প্ৰকৃতি ধ্বংসত নামি পৰিছে।  

চৰকাৰে কঠোৰ হাতেৰে প্ৰকৃতি ধ্বংসকাৰীক দমন কৰিব‌ লাগে। বন বিভাগৰ প্ৰতিও চৰকাৰৰ আস্থা কমিছে।" কেন্দ্ৰীয় চৰকাৰৰ লঘু উদ্যোগ বিভাগৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সঞ্চালক চাঞ্চিৰাম পায়েং, জিলা সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল।

অনুষ্ঠানত মীৰা বৰদলৈ সংগ্ৰহ আৰু সম্পাদিত "মহৎ লোকৰ অমিয়া বাণী" গ্ৰন্থখনি উন্মোচন কৰা হয়। অনুষ্ঠানত ভালেমান শিল্পীয়ে জুবিন গাৰ্গৰ ভালেমান গীত পৰিৱেশন কৰে। সভাৰ আদৰণি ভাষণ দিয়ে আদৰণি সমিতিৰ সভাপতি প্ৰবীণ চন্দ্ৰ বড়োয়ে আৰু শলাগৰ শৰাই আগবঢ়াই শাখা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অৰুণ বড়োই।

জুবিন গাৰ্গ