জ্যেষ্ঠ ফটো সাংবাদিক সমীৰ কৰক বিশেষ সম্বৰ্ধনা : গুৱাহাটী প্ৰেছ ক্লাৱত ‘বিশ্ব আলোকচিত্ৰ দিৱস’ উদযাপন

ফটোৱে মিছা কথা নকয়, ক'বই নোৱাৰে। এখন কিতাপে যি কথা ক'ব নোৱাৰে, এখন কেণ্ডিড ফটোৱে সেই কথা ৰাইজৰ মাজত দাঙি ধৰিব পাৰে। – এই মন্তব্য বিশিষ্ট সাহিত্যিক, অধ্যাপিকা অৰূপা পটংগীয়া কলিতাৰ।

author-image
Asomiya Pratidin
New Update
121

ডিজিটেল ডেস্ক : ফটোৱে মিছা কথা নকয়, ক'বই নোৱাৰে। এখন কিতাপে যি কথা ক'ব নোৱাৰে, এখন কেণ্ডিড ফটোৱে সেই কথা ৰাইজৰ মাজত দাঙি ধৰিব পাৰে। – এই মন্তব্য বিশিষ্ট সাহিত্যিক, অধ্যাপিকা অৰূপা পটংগীয়া কলিতাৰ।

Advertisment

WhatsApp Image 2025-08-19 at 3.46.37 PM (1)

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশ্ব আলোকচিত্ৰ দিৱস। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতাই। 

উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ ফটো জাৰ্ণেলিজিমৰ ইতিহাস সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। লগতে তেওঁ বিশ্বৰ বিভিন্ন ফটো সম্পৰ্কত কেতবোৰ মন্তব্য কৰে।

WhatsApp Image 2025-08-19 at 3.46.38 PM

তাৰোপৰি কৃত্ৰিম বুদ্ধিমত্তা (এ আই) দ্বাৰা সৃষ্টি কৰা ফটো সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে। এ আই জেনেৰেটেড ফটো এখন সমাজ আৰু জাৰ্ণেলিজিমৰ বাবে ডাঙৰ প্ৰত্যাহবান বুলি অৰূপা পটংগীয়া কলিতাই মন্তব্য কৰে।

WhatsApp Image 2025-08-19 at 3.46.36 PM

একেদৰে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰী, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, নৰেশ কলিতা, প্ৰণয় বৰদলৈ, ৰবি শংকৰ ৰবি, বিশ্বজিৎ দাসেও আজিৰ এই বিশেষ দিনটোৰ তাৎপৰ্য সম্পৰ্কত সাৱলীল ভাষণ প্ৰদান কৰে। 

WhatsApp Image 2025-08-19 at 3.46.33 PM

জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে কয়- এখন ভাল ফটো ভাল নোপোৱা মানুহ, ফুল ভাল নোপোৱা মানুহৰ দৰে। এখন ফটোত ফটোগ্ৰাফাৰৰ অন্তৰ্দৃষ্টি নিহিত হৈ থাকে। লগতে তেওঁ উপস্থিত ৰাইজ তথা সংবাদকৰ্মীৰ অনুৰোধ ৰক্ষা কৰি ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি সকলোকে আমোদ দিয়ে। 

WhatsApp Image 2025-08-19 at 3.46.37 PM

আনহাতে আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম ফটো সাংবাদিক সন্থাৰ তৰফৰ পৰা জ্যেষ্ঠ ফটো সাংবাদিক তথা তেজপুৰৰ সমীৰ কৰক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তেওঁৰ এই বঁটাত আছে গামোচা, জনজাতীয় অংগবস্ত্ৰ, জাপি, শৰাই আৰু সন্থাৰ এটি স্মাৰক।

WhatsApp Image 2025-08-19 at 3.46.36 PM (1)

ফটো সাংবাদিক তথা বঁটাপ্ৰাপক সমীৰ কৰে এই বঁটা গ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে বঁটাটি তেওঁৰ ফটোগ্ৰাফীৰ গুৰু তথা প্ৰয়াত পিতৃলৈ বঁটাটি উচৰ্গা কৰে। অনুষ্ঠানত দেউতাকৰ কথা সুঁৱৰি আবেগিক হৈ পৰা সমীৰ কৰে ফটো সাংবাদিকতাৰ যাত্ৰা সম্পৰ্কতো চমুকৈ বক্তব্য প্ৰদান কৰে।

WhatsApp Image 2025-08-19 at 4.11.15 PM

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতি বছৰে অসম ফটো সাংবাদিক সন্থাই উদযাপন কৰি অহা বিশ্ব আলোচকচিত্ৰ দিৱসত এইবাৰো অনুষ্ঠানত উপস্থিত থকা আন আন সাংবাদিক তথা সংবাদকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে।

ফটোগ্ৰাফী ফটো