/asomiyapratidin/media/media_files/2025/10/11/ujjjd-2025-10-11-19-26-01.jpg)
ডিজিটেল ডেস্কঃ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব হৰ্চপিচ আৰু পেলিএ'টিভ চিকিৎসা দিৱস (World Hospice and Palliative Care Day (WHPCD) ) পালন কৰা হয়।
দিনজোৰা বহুকেইটা বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চি অ অ ডাঃ জে পি প্ৰসাদ। অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঃ দ্বিপেন খনিকৰে।
পেইন আৰু পেলিএটিভ চিকিৎসা বিভাগ( Department of Pain and Palliative Medicine)ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠাটিত আজিৰ দিনটোত তাৎপৰ্য বাখ্যা কৰে বিভাগ টোৰ মুৰব্বী ডাঃ অৰুণ ডেকাই।
ডেকাই প্ৰদান কৰা বক্তব্যত পেলিএ’টিভ চিকিৎসাই কিদৰে এগৰাকী মানুহক শাৰিৰিক আৰু মানসিকভাৱে সুস্থ-সবল কৰি ৰাখিব পাৰে তাৰ সন্দৰ্ভত বাখ্যা আগবঢ়ায়। লগতে আমাৰ সমাজত এই চিকিৎসাৰ প্ৰসাৰতাৰ বাবে কৰণীয়খিনিৰ কথাও উল্লেখ কৰে।
নিবেদিতা উপমুন্যই আঁত ধৰা অনুষ্ঠানটিত ডিম্পী মজুমদাৰে শলাগৰ শৰাই আগবঢ়ায়। দিনটোৰ সৈতে সংগতি ৰাখি এখনি চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা কৰে বিভাগটোৱে। ইফালে প্ৰতিবছৰৰ দৰে এইবছৰো দুগৰাকী চিকিতসক সন্মান প্ৰদান কৰা হয়।
‘দিপশিখা’ ফাউণ্ডেচনে প্ৰদান কৰা ২০২৫বৰ্ষৰ পেলিএ’টিভ এক্সিলেঞ্চ এৱাৰ্ড প্ৰদান কৰা হয় চিকিৎসক ডাঃ ইকবাল বাহাৰক। আনহাতে কেপ কেয়াৰ ফাউণ্ডেচনে প্ৰদান কৰা পেলিএ’টিভ ৱাৰিয়ৰ এৱাৰ্ড প্ৰদান কৰা হয় চিকিৎসক ডাঃ মৃণ্ময়ী বৰুৱাক।
পেলিএটিভ চিকিৎসাৰ সজাগতাৰ লগতে কৰ্কট ৰোগৰ ক্ষেত্ৰত সাৱধানতা বৃদ্ধিৰ হেতুকে যোৱা ৮অক্টোবৰত কৰ্মাচ কলেজত প্ৰদৰ্শিত এখন বিশেষ নাটকৰ ভিডিঅ’ও আজিৰ এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়। এই নাটকখনৰ লিখক,পৰিচালক হৈছে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত পেইন আৰু পেলিএটিভ চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ অৰুণ ডেকাৰ।