মাকুমত ২৯০ সংখ্যক  বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন

তিনিচুকীয়া জিলাৰ মাকুমৰ হেবেদা গাঁৱত 'ৰজা বদৌচা সমন্বয় ক্ষেত্ৰ'ত অনুষ্ঠিত হৈ থকা বীৰ ৰাঘৱ মৰাণ দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-20 at 7.35.45 PM

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম মৰাণ সভাৰ যৌথ উদ্যোগত তিনিচুকীয়া জিলাৰ মাকুমৰ হেবেদা গাঁৱত 'ৰজা বদৌচা সমন্বয় ক্ষেত্ৰ'ত অনুষ্ঠিত হৈ থকা বীৰ ৰাঘৱ মৰাণ দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বীৰজনাক শ্ৰদ্ধাৰে স্মৰণ কৰে । 

উল্লেখ্য যে অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই কয় - বীৰ ৰাঘৱ মৰাণ কেৱল মৰাণ সকলৰে নহয়, বৃহত্তৰ অসমীয়া জাতিৰো স্বাভিমানৰ প্ৰতীক। নিষ্পেষিত জনতাক একত্ৰিত কৰি নতুন মনোবল, সাহস আৰু আশাৰ ৰেঙণিৰে সকলোকে উদ্বুদ্ধ কৰিছিল। অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেখেতে জাগ্ৰত হৈ স্বদেশ-স্বজাতিৰ সুৰক্ষাৰ হকে অহোপুৰুষাৰ্থ কৰিছিল ।  

মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান নেতা বীৰ ৰাঘৱ মৰাণক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি মন্ত্ৰী হাজৰীকাই লগতে কয় যে অদম্য সাহস, মনোবল আৰু স্বদেশ-স্বজাতিৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা তথা বীৰ ৰাঘৱ মৰাণ আমাৰ সকলোৰে বাবে প্ৰেৰণাস্বৰূপ। বীৰ পুৰুষগৰাকীৰ বীৰগাথাই ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব বুলি মন্ত্ৰী হাজৰীকাই নিজৰ বিশ্বাস প্ৰকট কৰে । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় ৰাজ্য চৰকাৰে অতি আন্তৰিকতাৰে মৰাণ জনগোষ্ঠীৰ উন্নয়ন আৰু কল্যাণৰ বাবে কাম কৰি আছে ।

তিনিচুকীয়া