/asomiyapratidin/media/media_files/2025/08/09/web8-2025-08-09-20-03-29.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : নিখিল ভাৰত যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস ঢকুৱাখনাত ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। যুৱ কংগ্ৰেছৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনত দলীয় পতাকা উত্তোলন কৰে ঢকুৱাখনা সমষ্টি যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি লক্ষ্য নাথ ঙাটেয়ে ।
ঢকুৱাখনা ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাকেশ পেগু, যুৱ কংগ্ৰেছৰ সমষ্টি সমিতিৰ উপ সভাপতি ৰাজীৱ পাৱ, জেইল সিং দলে, ঘিলামৰাৰ যুৱ নেতা দেৱজিৎ হাজৰিকা, মাৰ্ছাল বুঢ়াগোঁহাই ,মৃদুল চুতীয়া , ৰঞ্জিত কোঁৱৰ ,মহিলা নেতৃ মিনাক্ষী গগৈ ,অনুপ বৰুৱা আদি গৰিষ্ঠ সংখ্যক যুৱ কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থকা পতাকা উত্তোলন অনুষ্ঠানত প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পাঠ কৰাই অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ উপ সভাপতি আনন্দ নৰহে। ১৪ দফীয়া প্ৰতিশ্ৰুতি পাঠৰ পাছতে যুৱ কংগ্ৰেছৰ নেতা কৰ্মী সকলে প্ৰতিশ্ৰুতি সম্পন্ন সংকল্প গ্ৰহণ কৰে ।
ইয়াৰ পাছতে যুৱ কংগ্ৰেছৰ নেতা কৰ্মী সকলে ঢকুৱাখনা নগৰৰ পদ পথৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক গামোচা পিন্ধাই ,মিঠাই বিতৰণ কৰি বাৰ্তালাপ কৰে । ইয়াৰোপৰি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা ঢকুৱাখনা সদৰ থানাৰ জ্যেষ্ঠ উপ পৰিদৰ্শক তপন লাহনৰ লগতে অন্য সকলক গামোচাৰে সম্বৰ্ধনা জনাই মিঠাই বিতৰণ কৰে।
ঢকুৱাখনা প্ৰেছ গীল্ডতো সাংবাদিকসকলৰ সতে মত বিনিময় কৰি সম্বৰ্ধনা জনোৱাৰ লগতে মিঠাই বিতৰণ কৰে ৰাজ্যিক উপ সভাপতি নৰহৰ লগতে অন্যান্য নেতৃবৰ্গই ।