/asomiyapratidin/media/media_files/2026/03/01/202-2026-03-01-21-37-13.jpg)
ডিজিটেল সংবাদ, বেকাজান : তিতাবৰৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ একমাত্ৰ সংগঠন তিতাবৰ ই - মিডিয়া সন্থাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি প্ৰকাশ বৰদলৈয়ে।
ইয়াৰ পিছতেই অনুষ্ঠিত স্মৃতি তৰ্পণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰে উপ - সভাপতি সঞ্জীৱ দত্তই । সম্পাদক অমৰজিত সিং ৰাজপুতে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সোণাৰাম শৰ্মাই আনহাতে তিতাবৰ লেখিকা সমাৰোহৰ সদস্যাসকলে সমবেত সংগীত পৰিবেশন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-image-2-2026-03-01-21-37-58.jpeg)
দুপৰীয়া বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড ° বুধিন্দ্ৰ নাথ শইকীয়াৰ পৰিচালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ মুকলি সভাৰ আঁত ধৰে সাংবাদিক প্ৰকাশ বৰদলৈয়ে। সভাত নিদিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে তিতাবৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়াভকত তথা বৈষ্ণৱ পণ্ডিত সোণাৰাম শৰ্মাই বুঢ়াভকতে।
ইয়াৰ পিছত তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা তিতাবৰ বিভিন্ন সমস্যাৰ সমাধানত তিতাবৰৰ সাংবাদিকসকলৰ ভূমিকাক প্ৰশংসা কৰে। অনুষ্ঠানতেই তিতাবৰৰ সমাজ জীৱনৰ অতি গুৰুত্বপূৰ্ণ ব্যক্তি, সুসাহিত্যিক, সংগঠক তথা জ্যেষ্ঠ নাগৰিক পৰেশ বৰুৱাক তেখেতৰ জীৱনজোৰা সাধনাৰ বাবে ই -মেডিয়াৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি পৰেশ বৰুৱাগ তিতাবৰ ই - মিডিয়া সন্থাক ধন্যবাদ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-im-2026-03-01-21-38-31.jpeg)
অনুষ্ঠানত তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, শিক্ষাবিদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া বৰ্ণালী শইকীয়া বৰা, তিতাবৰ পৌৰ সভাৰ পৌৰপতি ৰশ্মি ভট্টাচাৰ্য্য, প্ৰাক্তন জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জন শইকীয়া, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ প্ৰতাপ কছাৰী, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বহুমূলীয়া সাৰুৱা বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি সহযোগিতা আগবঢ়াই যোৰহাট জিলা ই - মিডিয়া সন্থাৰ সভাপতি ৰাজীৱ বৰা, উপ সভাপতি উৎপল দাস, বিশিষ্ট সমাজসেৱক দীপক সন্দিকৈ, যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি অসীম শইকীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ সম্পাদক তপন গগৈ, তিতাবৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক, তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰেন শইকীয়া, জনপ্ৰিয় চিকিৎসক বাবুল মৰান, তিতাবৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অণুপমা বৰা চেতিয়া, অসমীয়া প্ৰতিদিনৰ সাংবাদিক মণ্টুচ্ কোঁৱৰ, শিক্ষক প্ৰাণজিত বৰকাকতি, বৰহোলা জিলা পৰিষদৰ সদস্যা প্ৰিয়াংকা ফুকন, আঞ্চলিক পঞ্চায়তৰ সদস্যা নিতুমণি ফুকন, প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ উপ - সভাপতি হৰেন গগৈ, যুৱ সমাজকৰ্মী দেৱজিৎ হাজৰিকা , ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য শ্যামল কৃষ্ণ বৰা, সমাজকৰ্মী প্ৰমোদ গগৈ, কবি অৰুণ বৰুৱা,আটচা তিতাবৰৰ সম্পাদক মঞ্জিত ৰাও, আছা তিতাবৰৰ সম্পাদক সুভ্ৰজিত লগুণ , সাংবাদিকদ্বয় দিপাঞ্জলি দাস , ৰাজেন হৰিজনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-image-2026-2026-03-01-21-39-21.jpeg)
অনুষ্ঠানতেই শিল্পী সাংবাদিক দ্বিজেন্দ্ৰ নাৰায়ণ ৰাৱে সুন্দৰ গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সভাৰ সভাপতি ড০ বুধিন্দ্ৰ নাথ শইকীয়াই সভাপতিৰ ভাষণত তিতাবৰত সংবাদ মাধ্যমৰ ভূমিকা আৰু কতব্যৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰাৰ লগতে সভাৰ শেষত সাংবাদিক প্ৰকাশ বৰদলৈয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us