/asomiyapratidin/media/media_files/2025/09/05/253-2025-09-05-18-42-10.jpg)
ডিজিটেল সংবাদ, নগাঁও : শুকুৰবাৰে শিক্ষক দিৱস উপলক্ষে সাংস্কৃতিক প্ৰকল্প, নগাঁৱত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্ণাঢ্য আয়োজন। নগাঁও - বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাদেৱৰ হাতেৰে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ হয়।
লগতে উপাধ্যক্ষা সংগীতা বৰুৱা বৰাৰ কথা,সুৰ আৰু সংগীত সম্বৃদ্ধ তথা বৰুৱা বৰা আৰু চিত্ৰলেখা বৰুৱাই কণ্ঠ নিগৰোৱা 'হে শিক্ষাগুৰু'... শীৰ্ষক গীতটিৰো উন্মোচন কৰে বিধায়কগৰাকীয়ে। আনহাতে সন্মানীয় বিজ্ঞানী ড° দিনেশ চন্দ্ৰ গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° লীলাৱতী শইকীয়া বৰা লৈ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰামানুজন শিক্ষক বঁটা- ২০২৫ প্ৰদানেৰে আজিৰ দিনটো অৰ্থৱহ হৈ পৰে।
সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰাক্তন অধ্যাপক মোহিনী মোহন ডেকা। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হ'বলৈ আহ্বান জনাই বহুমূলীয়া বক্তৃতা প্ৰদান কৰে।
বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই আজিৰ এই বিশেষ দিনটোৰ তাৎপৰ্যৰ লগতে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ।অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়ৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই ।
ইফালে ৰামানুজন শিক্ষক বঁটা গ্ৰহণ কৰি ড° দিনেশ চন্দ্ৰ গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি পৰিবেশ ৰক্ষা কৰিবলৈ আহ্বান জনায়। ব্যক্তিক সন্মান প্ৰদৰ্শন, বিপৰীত লিংগক যথাযোগ্য সম্নানীয় মৰ্যদা দিয়া আদি দিশসমূহ সামৰি সামাজিক জীৱনবোধৰ ধাৰণা দিয়াৰ লগতে লগতে বিজ্ঞান প্ৰযুক্তিৰ লগত আধুনিক জীৱন যাত্ৰা আগবঢ়াই লৈ যাওঁতে নিজে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ নিজক সৃষ্টি কৰাৰ প্ৰেৰণা যোগায় ।
ইফালে শাৰীৰিক অসুস্থতাৰ বাবে সন্মানীয় অতিথি ইমৰান শ্বাহ আৰু ড° লীলাৱতী শইকীয়া বৰা সভাখনৰ উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেতসকলে অনলাইনযোগে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি প্ৰেৰণাদায়ক বক্তৃতা প্ৰদান কৰে। লগতে তেখেতসকলক ৰামানুজন শিক্ষক বঁটাৰে সন্মান জনোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰে আৰু ৰামানুজনৰ কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে অসমৰ শৈক্ষিক জগতত ৰামানুজনে এক বিশেষ ভূমিকা পালন কৰি আছে বুলি উল্লেখ কৰে ।
সভাত অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী মমী দেৱী শৰ্মা, সমাজতত্ব বিভাগৰ শিক্ষয়িত্ৰী স্বপ্না বেজবৰুৱা , ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী কৰবী ভৰালীয়ে আৰু গণিত বিষয়ৰ শিক্ষক পৰাগ বৰাই শিক্ষক দিৱস আৰু শিক্ষাৰ্থীৰ কৰ্তব্য সম্পৰ্কে সুন্দৰ বক্তৃতা আগবঢ়ায়। এই দিনটোতে নগাঁও নাট্য মন্দিৰতত আয়োজন কৰা হয় দশম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলক লৈ শিক্ষক দিৱস।
উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীসকলৰ লগতে ২০২৪-২৫ বৰ্ষৰ শিক্ষান্ত পৰীক্ষাত বিভিন্ন বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ, বিশেষ বঁটা আৰু নগদ ধন প্ৰদান কৰা হয় । বিদ্যালয়খনৰ তিনিজন শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে তাৰাপ্ৰসাদ দেৱনাথ, পঙ্খী দেৱী আৰু বিশ্বজিত বৰাক কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হয় ।