/asomiyapratidin/media/media_files/2025/11/20/patidd-2025-11-20-11-35-37.jpg)
ডিজিটেল সংবাদ, পাতিদৰংঃ কামৰূপ জিলাৰ পাতিদৰং মৌজাৰ জটিয়াভাঙ্গাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়কা শালৈ চুবুৰীৰ শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠানে দুকুৰি দহ বছৰ অতিক্ৰম কৰাৰ বাবে ১৬-১৭ নৱেম্বৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰে। প্ৰথম দিনা পুৱা প্ৰভাত বন্দনাৰ অন্তত থাপনাত বন্তি প্ৰজ্বলন আৰু শৰাই অৰ্পণ কৰে উপেন কাকতিয়ে।
মূল ধৰ্ম ধ্বজা উত্তোলন কৰে শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাক্তন সভাপতি চন্দ্ৰধৰ কাকতিয়ে। ধৰ্মীয় পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি হৰমোহন কাকতিয়ে। সমান্তৰালকৈ ৫০ খন পতাকাও উত্তোলন কৰা হয়। স্মৃতি তৰ্পণ কৰে অধিবক্তা জয়ন্ত ডেকাই। ইয়াৰ পিছতে বৃক্ষৰোপণ কৰে মহেশ্বৰ দাস, পৰেশ বৈশ্য, হেমেন দাস,খগেন বড়ো, মোন্নাফ আলী, গোপাল চন্দ্ৰ কাকতি, ৰমেন কাকতি, তাইজুল আলীয়ে। ভাগৱত শোভাযাত্ৰা মুকলি কৰে শিল্পীদ্বয় হিৰকজ্যোতি শৰ্মা আৰু মন্মথ বৰুৱাই।
বিয়লি ভাগৱত স্থাপন কৰে অৱসৰী শিক্ষক বলেন্দ্ৰ নাথ বৈশ্যই । ভাগৱত পাঠ কৰে নৱকান্ত দাসে। ইয়াৰ পিছতে অনুষ্ঠিত এখনি আদৰণি সভাত অংশ লয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ লগতে বিহদিয়া -জাজিকোণা জিলা পৰিষদৰ সদস্য উমেশ ডেকাই ।
সন্ধিয়া ড০ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, বাঁহী বাদক দীপক শৰ্মা, নাগাৰা সূৰ্য ৰামচৰণ ভৰালীৰ স্থিৰ চিত্ৰত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলী অৰ্পণ কৰে অৱসৰী শিক্ষক সতীশ কুমাৰ ডেকা, ৰুদ্ৰ চহৰীয়া, উত্তৰ পূব প্ৰান্ত বজৰংগ দলৰ সহ: সংযোজক মৃদুল ডেকা আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি মৃদুল পাটোৱাৰীয়ে। মঞ্চত বন্তি প্ৰজ্বলন কৰে ৩৫ জন বিশিষ্ট নাগৰিকে। ইয়াৰ পিছতে নাগাৰা নাম উদ্ধোধন কৰে সমাজসেৱক অংকুৰ দাসে। নাগাৰা নাম পৰিৱেশন কৰে ছিপাঝাৰৰ সুভাষ নাথ আৰু দৰং- ভালুকখোৱাপাৰাৰ কুসুম দেৱীয়ে।
দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকা কৰাৰ অন্তত থাপনাত বন্তি প্ৰজ্বলন আৰু শৰাই অৰ্পণ কৰে উপেন কাকতি, নিবাৰণ কাকতি, হৃদয় কাকতিয়ে। ইয়াৰ পিছতে ভাগৱত পাঠ, ব্যাখ্যা কৰে জগত বনিয়াই। বিয়লি বিয়লি বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, অৱসৰী আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মনৰ সঞ্চালনাত মুকলি সভা, ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। সোণালী জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পল্লৱ কাকতিয়ে আঁত ধৰা, উদ্দেশ্য ব্যাখ্যা কৰা সভাত নৱকান্ত দাস সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰি বাৰ কাউন্সিল অৱ অসমৰ অধ্যক্ষ তথা বৰ্ষীয়ান অধিবক্তা চিন্ময় চৌধুৰীয়ে কয়- গাঁৱখনৰ এই সজ প্ৰয়াস বৰ আদৰণিয়।
তেওঁলোকৰ চিন্তাই এদিন সকলো গাঁৱলৈ সম্প্ৰসাৰিত হ'ব। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক তথা সাংবাদিক,লেখক দীপক শৰ্মাই কয়- "শ্ৰী মদ্ভাগৱত ভাৰতীয় ধৰ্ম, দৰ্শন শাস্ত্ৰসমূহৰ ভিতৰত এখন মহাগ্ৰন্থ। শ্ৰেষ্ঠ আধ্যাত্মিক, তত্ত্ব জ্ঞাপক এখন গ্ৰন্থ। ব্যাসদেৱে মানৱ জাতিৰ কল্যাণৰ সাধনাৰ্থে ধৰ্ম- দৰ্শন উৎকৃষ্টতম শাস্ত্ৰ ৰচনা কৰি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ হিচাপে আজিও বিদ্যমান হৈ আছে। আৰু যুগে যুগে থাকিব। দুৰ্ভাগ্য এটাই একাংশই ইয়াৰ অপব্যাখ্যা কৰে।"
অনুষ্ঠানত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত প্ৰবন্ধক অশ্বিনী বৈশ্য, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, অধিবক্তা বিনয় কাকতি, অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰ বৈশ্য, মুক্তাৰাম পাটোৱাৰী, কবিন কলিতা, কবিন নাথ প্ৰভৃতিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সন্ধিয়া দুকুৰি বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে এক নাম পৰিচালনা কৰে প্ৰদীপ বৈশ্যই । নাগাৰা নাম উদ্ধোধন কৰে সমাজসেৱক নয়নমণি নাথে। কামৰূপ - সাহানৰ ৰাজীৱ ডেকা আৰু তামুলপুৰ -গেৰুৱাপাৰৰ মিতালী বৰুৱাই নাম পৰিৱেশন কৰি ভক্তি ৰসৰ নিজৰা বোৱায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us