/asomiyapratidin/media/media_files/2025/11/17/250-2025-11-17-13-08-48.jpg)
ডিজিটেল ডেস্ক : ১৬ নৱেম্বৰৰ দিনটো বড়ো সাহিত্য সভাৰ প্রতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। ১৯৫২ চনৰ এই দিনটোতে প্রতিষ্ঠা লাভ কৰিছিল বড়ো সমাজত বড়ো থুনলাই আফাড অর্থাৎ বড়ো সাহিত্য সভাই।
বৃহত্তৰ বড়ো সমাজ গঠন প্রক্রিয়াত সাহিত্য সভাই শৈক্ষিক সামাজিক দিশত অনবদ্য অৱদান আগবঢ়াই আহিছে বড়ো জাতীয় কাণ্ডাৰী, মহান মনীষীসকলে। কামৰূপ জিলাৰ বকোত আয়োজন কৰা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে পুৱা পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ কামৰূপ জিলা সভাপতি প্রফুল্ল কুমাৰ বড়োৱে।
ইয়াৰ পিছতে বিশিষ্ট সাহিত্যিক, বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা সাহিত্য একাডেমী বঁটা প্রাপক তৰেণ বড়োৱে শ্বহীদ স্তম্ভ আনুষ্ঠানিকভাৱে ৰঙাফিটা কাটি উদ্বোধন কৰে। বকোৰ বডোফা উপেন্দ্রনাথ ব্রহ্ম একাডেমিত এদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/17/whatsapp-image-pm-2025-11-17-13-07-54.jpeg)
কাৰ্যসূচীত বড়ো ৰাও গেৱলাওথুং, বড়ো সাহিত্য সভা দীর্ঘজীৱি হওক শ্ল'গান প্ৰদান কৰে। বিশিষ্ট সাহিত্যিক তৰেণ বড়োৱে বিশ্বায়নৰ যুগত বড়ো মাধ্যমত শিক্ষা গ্রহণ কৰিও যে সুশিক্ষিত মানুহ গঢ়িব পাৰি তাকে প্রকাশ কৰি নতুন প্রজন্মক অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে।
অনুষ্ঠানত বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভিন্ন সাহিত্য প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। কার্যসূচীত বড়ো জাতীয় নেতা তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বর্গীয়াৰীৰ উপৰিও বড়ো জাতীয় সংগঠনৰ বহুসংখ্যক নেতৃবৃন্দই অংশগ্রহণ কৰে।
কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল চন্দ্ৰ বড়োৰ তৎপৰতাত অনুষ্ঠিত হোৱা কাৰ্যসূচীত বি কে ডব্লিউ এ চিৰ কাৰ্যবাহী সদস্য দশৰথ বড়ো, অসম গৌৰৱ ধৰণীধৰ বড়ো, বকো-বনগাঁও বড়ো সাহিত্য সভাৰ সভাপতি জগদীশ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি চানছোৰাং বসুমতাৰী, সাধাৰণ সম্পাদক জীতেন বড়ো, বড়ো সাহিত্য সভাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল, বাথৌ মহাসভাৰ সভাপতি বিষুও বসুমতাৰী, মুনিন্দ্ৰ দৈমাৰী, কেশৱ চন্দ্র বড়ো, প্রদীপ বড়ো; দিকছন বড়োৰ উপৰিও বহুসংখ্যক বড়ো সাহিত্য সভাৰ কর্মী আৰু বিষয় ববীয়াই অংশগ্ৰহণ কৰি সহযোগ আগবঢ়ায়।
সভাত বড়ো মাধ্যমৰ বহুসংখ্যক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মাজত কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, নৃত্য গীতৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে। সাহিত্য সভাৰ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে বর্ণময় কর্মজীৱনৰ ওপৰত আলোকপাত কৰে নগৰৰ্মল স্বর্গীয়াৰীৰ লগতে বহুসংখ্যক অতিথিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us