গোলাঘাটত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰথমটো সৰ্বভাৰতীয় ছাত্ৰ সংগঠন নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন বা All India Students' Federationৰ ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে সমগ্ৰ দেশৰ লগতে গোলাঘাটতো উদযাপিত হয়।

author-image
Asomiya Pratidin
New Update
78

ডিজিটেল সংবাদ, গোলাঘাট : প্ৰাক স্বাধীনতা কালতে দেশৰ ছাত্ৰসকলক সংগঠিত কৰি সেই সময়ৰ ছাত্ৰ সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে সংগ্ৰাম কৰিবলৈ ১৯৩৬ চনৰ ১২ আগষ্টত জন্ম লাভ কৰা প্ৰথমটো সৰ্বভাৰতীয় ছাত্ৰ সংগঠন নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন বা All India Students' Federationৰ ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে সমগ্ৰ দেশৰ লগতে গোলাঘাটতো উদযাপিত হয়।

Advertisment

পণ্ডিত জৱাহৰলাল নেহৰু, প্ৰেম নাৰায়ণ ভাৰ্গৱ আদি ব্যক্তিসকলৰ নেতৃত্বত লক্ষ্ণৌত জন্ম লাভ কৰা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে গোলাঘাট জিলা কাৰ্যালয়ত পতাকা উত্তোলন কৰে জিলা সভাপতি অভিলাষ নেওগে। তাৰপাছতে সংগঠনটোৰ কৰ্মীসকলে গোলাঘাট নগৰ, দেৱৰাজ ৰয় মহাবিদ্যালয় আদি কেইবাঠাইটো গছপুলি বিতৰণ কৰে।

এই কাৰ্যসূচীত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ সভাপতি সম্পাদককে ধৰি বহু সংখ্যক কৰ্মী উপস্থিত থাকে। ইয়াৰ পাছতে অনুষ্ঠিত সভাত ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক আহ্বায়ক যদু বৰাই বক্তব্য প্ৰদান কৰি কয় যে, সেই সময়ত চলি থকা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত ছাত্র ফেডাৰেচনে এক গুৰুত্ব পূর্ণ ভূমিকা পালন কৰিছিল ।

AISFৰ ছাত্ৰকৰ্মী সকলে আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু বহুতো ছাত্ৰকৰ্মীয়ে ছহিদবৰণ কৰিছিল। এক প্রগতিশীল সমাজবাদী দেশ গঢ়াৰ লক্ষ্যৰে জন্ম লাভ কৰা নিখিল ভাৰত ছাত্র ফেডাৰেচনৰ এই লক্ষ্যক স্বাধীন ভাৰতৰ সংবিধানতো সন্নিৱিষ্ট কৰা হৈছিল আৰু ছাত্র ফেডাৰেচন আজিও সেই আদৰ্শ আৰু লক্ষ্যৰ প্রতি প্রতিশ্রুতিবদ্ধ।

ছাত্ৰ সমাজৰ মৌলিক সমস্যা যেনে- শিক্ষাৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ, ৰাজহুৱা শিক্ষাৰ মাচুল বৃদ্ধি আদিৰ বিৰুদ্ধে আৰু প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈকে বিনামূলীয়া শিক্ষাৰ দাবীত সংগঠনটোৱে অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছে।

golaghat