সোণাপুৰস্থিত কিডনী হাস্পতালৰ প্ৰতিষ্ঠা দিৱস পালন

গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল সোণাপুৰস্থিত কিডনী হাস্পতালৰ শুকুৰবাৰে দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
319

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল সোণাপুৰস্থিত কিডনী হাস্পতালৰ শুকুৰবাৰে দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে, ইনষ্টিটিউট অৱ ইউৰ’লজী এণ্ড কিডনী ডিজিছৰ দুবছৰীয়া সেৱা সম্পূৰ্ণ হোৱাত আজি আই ইউ কে ডি চৌহদত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয় । 

এই উপলক্ষে হাস্পতালখনত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত আদৰণী ভাষণ প্ৰদান কৰে সঞ্চালক তথা কিডনী বিশেষজ্ঞ ডা° অৰূপ কুমাৰ নাথে।

আনহাতে সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰিণিকি ভূঞা শৰ্মা। তাৰোপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডা০ কণকেশ্বৰ ভূঞা, চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ ৰব'টিক বিশেষজ্ঞ সুভাষ খান্না আৰু দিশপুৰ পলিক্লিনিক হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডা০ নিত্যন্দ্ৰ নাথ দাসে বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰে। 

অনুষ্ঠানত উপস্থিত থকা আটাইকেইগৰাকী অভ্যাগতই চিকিৎসালয়খনে কৰা মানৱসেৱাৰ শলাগ লয়।

প্ৰতিষ্ঠা দিৱস