/asomiyapratidin/media/media_files/2025/09/16/353-2025-09-16-08-49-35.jpg)
ডিজিটেল সংবাদ, মুছলপুৰ : বাক্সা জিলা বড়ো সাহিত্য সভাই বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হাংখোনি ফাইখি ৰামদাস বসুমতাৰীৰ ২২ সংখ্যক মৃত্যু দিৱস আৰু ১৫ সংখ্যক স্মৰণ দিৱসটো কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে বাগসা জিলা বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় মুছলপুৰত পালন কৰে। বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন আৰু মাল্যৰ্পন কৰি যোৱা ১৫ ছেপ্তেম্বৰত পালন কৰে ।
বড়ো সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰে বাগসা জিলা বড়ো সাহিত্য সভাৰ সভাপতি বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীয়ে আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি " হাংখোনি ফাইখি ৰামদাস বসুমতাৰীৰ প্ৰতিছবিত মাল্যৰ্পন কৰে তেওঁৰ পুত্ৰ কুকুম বসুমতাৰীয়ে । এই মৃত্যু ও স্মৰণক সংগতি ৰাখি অনুষ্ঠিত কৰিব লগিয়া " হাংখোনি ফাইখি ৰামদাস বসুমতাৰীৰ সাহিত্য কৰ্মৰাজি অৰিহণা"ৰ ওপৰত আলোচনা চক্ৰখন ১৫ ছেপ্তেম্বৰত বিশেষ কাৰণবশত অনুষ্ঠিত কৰিব নোৱাৰিলে বুলি আদৰণি সমিতিৰ সভাপতি নিৰ্মল মুছাহাৰী আৰু মুখ্য আহ্বায়ক বিৰলাং হাজোৱাৰীয়ে জনাইছে ।
তেওঁলোকে জানিবলৈ দিয়া মতে উক্ত অনুষ্ঠানটো অহা ১২ অক্টোবৰত মুছলপুৰত বড়ো সাহিত্য সভাই অনুষ্ঠিত কৰিব । উক্ত অনুষ্ঠানত ৰাজ্যখনৰ প্ৰাথমিক, জিলা সমিতিৰ বিষয়ববীয়া সকলক উপস্থিত থাকিবলৈ আদৰণী সমিতিয়ে আহ্বান জনাইছে । উল্লেখ্য যে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি " হাংখোনি ফাইখি ৰামদাস বসুমতাৰীৰ মৃত দিৱসটো বাক্সা জিলাৰ অন্তৰ্গত প্ৰতিটো প্ৰাথমিক বড়ো সাহিত্য সভাই বড়ো সাহিত্য সভাৰ পতাকাখন আধা উত্তোলন কৰি তেওঁৰ প্ৰতিছবিত মাল্যৰ্পন অৰ্পণ কৰি পালন কৰা হয় ।