শ্ৰীশ্ৰী মাধৱ থানত মহাপুৰুষ শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ পালন

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ কামপুৰতো মহাপুৰুষ শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ পালন কৰে ।

author-image
Asomiya Pratidin
New Update
457

ডিজিটেল সংবাদ, কামপুৰ : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ কামপুৰতো মহাপুৰুষ শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ পালন কৰে । পুৱাৰে পৰা কামপুৰ অঞ্চলৰ নামঘৰে নামঘৰে হৰি নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে।

বৃহস্পতিবাৰৰ পুৱাৰে পৰা কামপুৰৰ ঐতিহাসিক মাধৱ থানৰ প্ৰাংগনতো দিনজোৰাকৈ আয়োজন কৰিছে জগত গুৰুজনাৰ জন্মোৎসৱ। পুৱাৰ পৰা ঐতিহাসিক থানখনত বিভিন্ন মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মাধৱপাৰা থান পৰিচালনা কমিটীৰ আৰু মাধৱ থান উৎসৱ কমিটিয়ে।

অনুষ্ঠানত উপস্থিত থাকে মাধৱপাৰা থান পৰিচালনা কমিটিৰ  সভাপতি যাদৱ বৰা,সম্পাদক অতুল শইকীয়া, লগতে মাধৱ থান উৎসৱ কমিটিৰ সভাপতি বিৰাজ বৰা,সম্পাদক লীলা কান্ত শইকীয়া,সহকাৰি সম্পাদক দুদু বৰা, ইন্দ্ৰ মোহন ভূঞা,খগেশ্বৰ বৰা,কুশল বৰুৱাসহ বহু বিশিষ্ট ব্যক্তি।

শংকৰদেৱ