/asomiyapratidin/media/media_files/2025/09/01/238-2025-09-01-19-14-56.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে উদযাপন কৰা হয়। পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অতনু কাকতিয়ে পতাকা উত্তোলনৰে পাতনি মেলা কাৰ্যসূচীত স্মৃতি তৰ্পণ মুকলি কৰে উপাধ্যক্ষ ড° গৌতম পুৰকায়স্থই।
গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ শৈক্ষিক সমন্বয়ক যোগেন বড়াই। তাৰ পাছতে মাৰ্ঘেৰিটা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত আৰু হিন্দুস্থান অইল এক্সপ্লৰেচন কোম্পানীৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত প্ৰায় ২২ লক্ষাধিক টকা ব্যয় সাপেক্ষে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ নৱনিৰ্মিত অত্যাধুনিক আলোচনা কক্ষ দ্বাৰ উদ্ঘাটন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ডঃ জিতেন হাজৰিকাই।
অতি আটকধুনীয়া কৈ উন্নত প্ৰযুক্তি সম্বলিতভাৱে নিৰ্মান কৰা হৈছে এই আলোচনা কক্ষ। ইয়াৰ পাছতেই অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ বক্তৃতা অনুষ্ঠান।
ড° অতনু কাকতিয়ে পৌৰাহিত্য কৰা বক্তৃতা অনুষ্ঠানত "যুক্তিৰ ইপাৰে সিপাৰে ধৰ্ম , বিজ্ঞান আৰু প্ৰযুক্তি" মূল বিষয়ৰ বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকা। মহাবিদ্যালয়খনৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰনৱ গগৈ উপস্থিত থকা সভাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি মোলেন বৰুৱা আৰু সাধাৰণ সম্পাদক মানস প্ৰতিম গগৈক মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা একোটাকৈ স্মাৰকেৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।
মুখ্য অতিথিৰ ভাষণ প্ৰসংগত উপাচাৰ্য্য ড° জিতেন হাজৰিকাই কয় "ধৰ্ম, বিজ্ঞান আৰু প্ৰযুক্তি মানৱ সভ্যতাৰ তিনিটা মূল স্তম্ভ, যিবোৰ যুক্তিৰ দ্বাৰা পৰিচালিত হৈ একেলগে মানৱ জীৱনৰ অৰ্থ আৰু প্ৰগতিৰ সন্ধান দিয়ে। ধৰ্মই আধ্যাত্মিকতা আৰু নৈতিকতাৰ পথ প্ৰদৰ্শন কৰে, বিশ্বাস আৰু মূল্যবোধৰ জৰিয়তে জীৱনৰ উদ্দেশ্য বিচাৰি উলিয়ায়।
বিজ্ঞানে যুক্তি আৰু পৰীক্ষা-নিৰীক্ষাৰ ভিত্তিত প্ৰকৃতিৰ ৰহস্য উন্মোচন কৰে, য’ত প্ৰমাণ আৰু তথ্যই পথ প্ৰদৰ্শন কৰে। প্ৰযুক্তিয়ে বিজ্ঞানৰ জ্ঞানক কাৰ্যকৰী ৰূপ দি মানৱ জীৱনক সহজ আৰু সমৃদ্ধ কৰে। যুক্তি এই তিনিওটাৰ মাজত সেতুৰ দৰে কাম কৰে।
ধৰ্মত যুক্তিয়ে বিশ্বাসক পৰীক্ষা কৰি নৈতিক দৃষ্টিভংগী গঢ় দিয়ে, বিজ্ঞানত যুক্তিয়ে সত্যৰ সন্ধানত পদ্ধতিগত পথ প্ৰশস্ত কৰে আৰু প্ৰযুক্তিত যুক্তিয়ে উদ্ভাৱনৰ জৰিয়তে সমস্যাৰ সমাধান কৰে। কিন্তু যুক্তিৰ সীমাবদ্ধতাও আছে; ধৰ্মৰ আধ্যাত্মিক গভীৰতা বা বিজ্ঞানৰ অজ্ঞাত ৰহস্যৰ সন্মুখত ই কেতিয়াবা অপৰ্যাপ্ত হৈ পৰে। ধৰ্ম, বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয়ে যুক্তিৰ ইপাৰে সিপাৰে এক সামগ্ৰিক জীৱন দৰ্শন গঢ়ি উঠে, য’ত বিশ্বাস, জ্ঞান আৰু উদ্ভাৱনৰ মিলনে মানৱতাৰ পথ প্ৰকাশ কৰে।"
অধ্যাপক কৌস্তুভমণি নাথে আঁত ধৰা মুকলি সভাত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ কেইবাখনো স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়।মুকলি সভাত মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগত সফলতা লাভ কৰা ১০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ মহাবিদ্যালয়ৰ প্ৰাংগণত বন্তিৰে উজ্বলাই তোলা হয়।