চিলাপথাৰত মিচিং সাহিত্য সভাৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

১৯৮৪ চনত প্ৰতিষ্ঠা লাভ কৰা মিচিং সাহিত্য সভাৰ (মিচিং আগম কেবাং) ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি চিলাপথাৰতো অনুষ্ঠিত কৰা হয়। লগতে উন্মোচন কৰা হয় স্মৃতি গ্ৰন্থ "আগম এচাৰ"।

author-image
Asomiya Pratidin
New Update
hfgfgfgfg

ডিজিটেল সংবাদ, চিলাপথাৰঃ ১৯৮৪ চনত প্ৰতিষ্ঠা লাভ কৰা মিচিং সাহিত্য সভাৰ (মিচিং আগম কেবাং) ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি চিলাপথাৰতো অনুষ্ঠিত কৰা হয়। লগতে উন্মোচন কৰা হয় স্মৃতি গ্ৰন্থ "আগম এচাৰ"।

মিচিং আগম কেবাঙৰ ক্ৰমে ডিমৌ, চিমেনমুখ, চিলাসুটি, মুক্তিয়াৰ আৰু আকাজান আঞ্চলিকৰ উদ্যোগত আৰু মিচিং জনগোষ্ঠীয় সংগঠনৰ সহযোগত ডিমৌ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ল এই দিৱস। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত দিৱসৰ পতাকা উত্তোলন,স্মৃতি তৰ্পণৰ পিছতে এটা সুমধুৰ সমবেত সংগীতৰে শুভাৰম্ভ কৰা হ'ল মুকলি সভা। সম্বৰ্ধনা জনোৱা হ'ল বহু বিশিষ্ট ব্যক্তিক। উন্মোচন কৰা হ'ল স্মৃতি গ্ৰন্থ "আগম এচাৰ"। অনুষ্ঠিত হ'ল মিচিং ভাষা সাহিত্যৰ সম্পৰ্কীত মনোজ্ঞ আলোচনা চক্ৰ। মিচিং ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব দিবলৈ জনগোষ্ঠীয় ৰাইজৰ প্ৰতি সভাই জনালে আহ্বান।

চিলাপথাৰ