মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ছাত্ৰ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিব পাৰিলে, আগন্তুক দিনবোৰ সুখকৰ হয়। সেয়ে ছাত্ৰ ছাত্ৰীসকলে প্ৰচুৰ অধ্যয়ন কৰা উচিত। যিহেতু বৰ্তমান সময়বোৰ যথেষ্ট প্ৰতিযোগিতামূলক। এই প্ৰতিযোগিতাত সফল হ'বলৈ হ'লে কঠোৰ অধ্যৱসায় আৰু পৰিশ্ৰম কৰিবই লাগিব।

author-image
Asomiya Pratidin
New Update
85

ডিজিটেল সংবাদ ,মায়ং : "ছাত্ৰ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিব পাৰিলে, আগন্তুক দিনবোৰ সুখকৰ হয়। সেয়ে ছাত্ৰ ছাত্ৰীসকলে প্ৰচুৰ অধ্যয়ন কৰা উচিত। যিহেতু বৰ্তমান সময়বোৰ যথেষ্ট প্ৰতিযোগিতামূলক। এই প্ৰতিযোগিতাত সফল হ'বলৈ হ'লে কঠোৰ অধ্যৱসায় আৰু পৰিশ্ৰম কৰিবই লাগিব। নিজৰ লক্ষ্য যদি স্থিৰ থাকে, তেন্তে কোনো অভাৱ বা বাধাই পিছপেলাই ৰাখিব নোৱাৰে।" - এই মন্তব্য মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈৰ।

Advertisment

বুধবাৰে মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ঙৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ চতুস্ত্ৰীংশততম প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ লগতে কয় - আমি  আমাৰ পৰিয়াল, জাতি, ৰাজ্য তথা ধৰিত্ৰীখনৰ বাবে ভাল কাম কৰিব লাগিব।

যাতে ভৱিষ্যতৰ প্ৰজন্মই আমাৰ কামক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফণীভূষণ নাথে তেখেতৰ দীঘলীয়া ভাষণত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানৰ পৰ্যায়লৈ বহু কথাই উল্লেখ কৰে।

নাথে কয় - ছাত্ৰ- ছাত্ৰী বা এই সময়ৰ প্ৰতিজন লোকে  বুৰঞ্জী অধ্যয়ন কৰিব লাগে আৰু জানিব লাগে। বুৰঞ্জীত অতীত আৰু  ইতিহাস বিজড়িত হৈ থাকে । মায়ং আঞ্চলিক মহাবিদ্যালয়ৰো তেনে বহু  তিতা মিঠা বহু ইতিহাস জড়িত হৈ আছে। সেই ইতিহাসৰ  শিক্ষা লৈয়ে ভৱিষ্যতৰ সপোন দেখিব লাগে।

১৯৮৪ চনতে সেই সময়ৰ পাণ্ডৱবৰ্জিত মায়ঙৰ ৰাইজে ধান,চাউল,টকা,বাহ, কাঠ  সংগ্ৰহ কৰি মহাবিদ্যালয় খোলাৰ বাবে যি প্ৰস্তুতি চলাইছিল, ১৯৯২ চনত কিদৰে প্ৰথম ক্লাছ আৰম্ভ হৈছিল, শিক্ষক শিক্ষয়িত্ৰী প্ৰথম অৱস্থাত কিয় আহিব খোজা নাছিল, এই সকলোবোৰ বিষয় সামৰি এক ঘন্টাৰ ভাষণত অতীতৰ বহু স্মৃতি ৰোমন্থন কৰি সুখ অনুভৱ কৰা বুলি ব্যক্ত কৰে।মহাবিদ্যালয়ৰ পুষ্প উদ্যানৰ শুভ উদ্বোধক মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি কলিতা ডেকাই মুকলি সভাখনতো অংশগ্ৰহণ কৰি কয় যে মহাবিদ্যালয়খনৰ আৰম্ভণিতে পৰিসৰ আছিল সীমিত।কিন্তু আশা,প্ৰত্যাশা আৰু সপোন আছিল বহুত ডাঙৰ।

WhatsApp Image 2025-08-13 at 4.23.32 PM

গতিকে বৰ্তমানৰ ছাত্ৰ- ছাত্ৰীসকলে প্ৰতিষ্ঠাকালৰ লোক সকলে দেখা সপোনবোৰৰ সাৰ্থক ৰূপ দিব পাৰিব লাগিব। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা আজিৰ মুকলি সভাত ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি 
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰা। বৰাই তেখেতৰ পাঁচবছৰীয়া অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে।

তেখেতৰ কাৰ্যকালতেই মহাবিদ্যালয়খনে নাকৰ পৰিদৰ্শনত প্ৰথমবাৰতেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম এ+ গ্ৰেড কিদৰে লাভ কৰিবলৈ সক্ষম হৈছিল সেই কথাও উল্লেখ কৰে। ইয়াৰ পিছতেই আন এগৰাকী বিশিষ্ট অতিথি পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই ভাষণ প্ৰদান কৰে।

তাৰ মাজতেই মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক বিপুল ডেকাই এটি ৰাভা সংগীত পৰিবেশন কৰে। মায়ং অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সহ সম্পাদক প্ৰফুল্ল কুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আদৰণী ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ ৰঞ্জিত কলিতাই।

আদৰণী ভাষণত অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ ব্যক্তিসকলক স্মৰণ কৰি বৰ্তমান সময়ত মহাবিদ্যালয়খনত দেখা দিয়া সমস্যা, অভাৱ- অনাটন আৰু আগন্তুক দিনত ভাবি থকা কিছু পৰিকল্পনাৰ কথাও উল্লেখ কৰে।মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক তথা প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক তত্বাৱধায়ক ড০ উৎপল নাথে  উদ্দেশ্য ব্যাখ্যা কৰে। 

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ঙৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নাকৰ দ্বাৰা এ+ গ্ৰেড লাভ কৰা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা  হয়। ১৯৯২ চনতে ৰাইজৰ দান- বৰঙণিৰে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে ইতিমধ্যে  সগৌৰবেৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি এইবাৰ চৌত্ৰিশ বছৰত ভৰি দিছে।

প্ৰতিষ্ঠাকালৰ ভালেসংখ্যক ব্যক্তিৰ উপস্থিতিত আজি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ কলিতাই। মায়ং খনিকৰ দিপন চন্দ্ৰ নাথৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় প্ৰাক্তন উপাধ্যক্ষ ড০ গুণেশ্বৰ ডেকাই।

শ্বহীদ তৰ্পণ কৰে ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰণিকান্ত সিংহ কোঁৱৰে আৰু শ্বহীদবেদীত মাল্যৰ্পন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অতুল ডেকাই। ড০ উৎপল নাথৰ ৰচনা আৰু সুৰেৰে সজোৱা মহাবিদ্যালয় সংগীতটো সভাৰ আৰম্ভণিতে পৰিৱেশন কৰা হয়।

সভাত উপস্থিত থাকে মায়ং অঞ্চলৰ শতাধিক বিশিষ্ট নাগৰিক আৰু অভিভাৱক তথা ছাত্ৰ- ছাত্ৰীসকল। শলাগৰ শৰাই আগবঢ়াই আই কিউ চিৰ সমন্বয়ক ৰবিন কলিতাই। 

মায়ং আঞ্চলিক মহাবিদ্যালয়