/asomiyapratidin/media/media_files/2025/08/15/107-2025-08-15-18-22-03.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সমজিলাৰ অন্যতম সাংবাদিক সংগঠন ঘিলামৰা প্ৰেছ ক্লাব । ২০০০ চনত প্ৰাণ প্ৰতিষ্ঠা হোৱা এই ঘিলামৰা প্ৰেছ ক্লাৱৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস শুক্ৰবাৰে উদযাপন কৰা হয় ।
ঘিলামৰা প্ৰেছ ক্লাৱৰ সভাগৃহত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস । পুৱা প্ৰেছ ক্লাৱৰ পতাকা আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি দুপৰীয়া অনুষ্ঠিত কৰা হয় মুকলি সভা ।
প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি ধ্ৰুৱ জ্যোতি কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাৱৰ সম্পাদক উত্তম হাজৰিকাই । প্ৰেছ ক্লাৱৰ সভাপতি অতুল বৰুৱা , সম্পাদক দামোদৰ বৰুৱা , সদস্য দীপাংকৰ চেতিয়া , ৰাতুল বৰুৱাকে প্ৰমুখ্য কৰি সকলো সদস্য ,বৰদৈবাম পঞ্চায়তৰ সভানেত্ৰী বুলুমনি বৰুৱা, দক্ষিণ ঘিলামৰা পঞ্চায়তৰ সভানেত্ৰী মূৰ্ছনা শইকীয়া ,উদীয়মান কবি ,শিক্ষক দুলাল দিহিঙীয়া আদি উপস্থিত থকা ঘিলামৰা প্ৰেছ ক্লাৱৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস জিলা পৰিষদ সদস্য ছন্দেশ্বৰ গগৈৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হয়।
প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি জিলাখনৰ সমাজ জীবনলৈ অতুল্য অৱদান আগবঢ়াই ঘিলামৰাক সমুজ্জল কৰি তোলা মুঠ ৯ গৰাকী বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । প্ৰতিষ্ঠা দিৱসত সম্বৰ্ধিত ঘিলামৰাৰ বিশিষ্ট ব্যক্তিসকল হ'ল- ক্ৰমে জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক ৰমেশ চন্দ্ৰ গগৈ, ঘিলামৰা বুক ষ্টলৰ স্বত্বাধিকাৰী দীপেন হাজৰিকা , "কৃষক সাৰথি"ৰ স্বত্বাধিকাৰী সঞ্জয় ফুকন, ঘিলামৰাৰ খাটি সৰিয়হ তেলৰ উদ্যোগ "স্বৰ্ণস্বাদ"ৰ স্বত্বাধিকাৰী ,উদ্যোগী টনবীৰ সূত, ঘিলামৰাৰ "ভূঞা বেকাৰী"ৰ স্বত্বাধিকাৰী উদ্যোগী ইন্দ্ৰেশ্বৰ ভূঞা , উদ্যোগী কৃষক অতুল বৰুৱা, ঘিলামৰাৰ অৱসৰপ্ৰাপ্ত শাৰীৰিক নিৰ্দেশক, প্ৰবীণ ক্ৰীড়া সংগঠক প্ৰদীপ চমুৱা ।
জনাকীৰ্ণ সভাতেই ঘিলামৰা কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী শিক্ষয়িত্ৰী আদৰ্শ প্ৰকৃতি আৰু বন্য প্ৰাণী সংৰক্ষক,ভানুৰাণী শইকীয়াক মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয় । চেলেং চাদৰ প্ৰশস্তি পত্ৰৰে উষ্ণ সম্বৰ্ধনা জনোৱা সভাত সুলেখিকা চন্দ্ৰ প্ৰভা গগৈ , অৱসৰ প্ৰাপ্ত শিক্ষক গিৰিশ দত্ত, দেবেন ফুকন , প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সম্পাদক পুলক জ্যোতি বৰা , অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক তুলতুল ভৰালী , সমাজসেৱক ক্ষীৰানন্দ ভৰালী , প্ৰগতিশীল কৃষক শৈলেন দত্তকো মান্যতা প্ৰদান কৰা হয় ।
জিলা পৰিষদৰ সদস্য ছন্দেশ্বৰ গগৈ , উদ্যোগী ক্ষুদ্ৰ চাহ খেতিয়ক পূৰ্ণানন্দ দত্ত , প্ৰবীণ ক্ৰীড়া সংগঠক প্ৰদীপ চমুৱা, জ্যেষ্ঠ সাংবাদিক অমৃত পৱন বৰা, সঞ্জয় ফুকন, টনবীৰ সূত ,ক্ষীৰানন্দ ভৰালীয়ে বক্তব্য ৰখা সভা উদ্বোধন কৰে ঘিলামৰাৰ প্ৰগতি ইংৰাজী মাধ্যম বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ শ্ৰুতিমধুৰ বৃন্দ গানেৰে ।