/asomiyapratidin/media/media_files/2025/09/05/250-2025-09-05-17-43-09.jpg)
ডিজিটেল সংবাদ, চিৰাং : আজি সমগ্ৰ দেশজুৰি ৬৪ সংখ্যক শিক্ষক দিৱস পালন কৰা হৈছে । শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত চিৰাং জিলাৰ বিজনী লৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকী আদৰ্শ শিক্ষকে।
শিক্ষক দুগৰাকী একেটা পৰিয়ালৰে ভাতৃ-ভগ্নী । বিজনীৰ বড়োবাজাৰৰ নিৱাসী অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক বালিচৰণ বসুমতাৰীলৈ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰা বলিষ্ঠ শিক্ষক সন্মান বঁটা ৰাজ্যপালৰ হৈ চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই বড়োবাজাৰস্থিত নিজ বাসভৱনত উপস্থিত হৈ শিক্ষক গৰাকীক এই বঁটা অৰ্পন কৰে।
আয়ুক্ত যতীন বৰাক সংগ দিয়ে বিজনীৰ চক্ৰ বিষয়া কলজিৎ শৰ্মা, চিআৰচিচি কাৰ্তিক দাস, বড়োবাজাৰ হাইস্কুলৰ অধ্যক্ষ খুংখ্ৰা বসুমতাৰী সহ বিষয়াৰ দলে । উল্লেখ্য যে, ১৯৮৭ চনত শিক্ষা বিভাগত যোগদান কৰি ২০১৮ চনত বিজনীৰ কালেপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে শিক্ষক বালিচৰণ বসুমতাৰীয়ে।
বিগত ২০১৫ চনত চিৰাং জিলা ভিত্তিত শ্ৰেষ্ঠ শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে বিগত ২০১৬ চনত বিজনী আঞ্চলিক এবছু আৰু বিগত ২০১৭ চনত চিৰাং জিলা এবছুৰ তৰফৰ পৰা শিক্ষক বালিচৰণ বসুমতাৰীলৈ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান প্ৰদান কৰিছিল। ইয়াৰ উপৰিও বালিচৰণ বসুমতাৰী বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত।
একেটা পৰিয়ালৰে শিক্ষক বালিচৰণ বসুমতাৰীৰ ভগ্নী শিক্ষয়িত্ৰী স্বৰ্ণলতা বসুমতাৰীক ৰাজ্যিক ভিত্তিত কৃতি শিক্ষকৰ বঁটাৰ বাবে তেজপুৰলৈ আমন্ত্ৰণ জনাইছে। স্বৰ্ণলতা বসুমতাৰী কালেপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত।
নিশ্চিতভাৱে চিৰাং জিলাৰ বাবে এক আদৰ্শৰ পৰিয়াল। তেখেত সকলোৰ অৱদানৰ বাবে চিৰাং জিলাখনে এই সন্মান পাবলৈ সক্ষম হৈছে। ইফালে এই বঁটা লাভ কৰি আবেগিক হৈ পৰে শিক্ষক বালিচৰণ বসুমতাৰী ।
বিজনীৰ এই কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পিছত চিৰাং জিলা সদৰ কাজলগাঁৱত ডায়েট প্ৰেক্ষাগৃহত জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬৪ সংখ্যক শিক্ষক দিৱস পালন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে জিলা আয়ুক্ত যতীন বৰা আৰু চিৰাং জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱে ।
চিৰাং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱে পৰিচালনা কৰা শিক্ষক দিৱস কাৰ্যসূচীত আজি যোৱা মাহত শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰা তিনিগৰাকী শিক্ষকক জিলা আয়ুক্ত যতীন বৰাই তেওঁলোকৰ প্ৰাপ্য পেঞ্চন আৰু অন্যান্য সুবিধা সমূহৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে । জিলাখনত কৰ্মৰত পাঁচ গৰাকী কৃতি শিক্ষকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
উল্লেখ্য যে আজিৰ এই বিশেষ দিনটোত জিলাখনৰ ১১১ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক - শিক্ষয়িত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত যতীন বৰাই কয় যে আজি আমাৰ শিক্ষক সমাজৰ বাবে বিশেষ । বিগত সময়ছোৱাত গুণগত শিক্ষাৰ দিশত পিছ পৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাৰ শৈক্ষিক পৰিৱেশ কিদৰে বৈপ্লৱিক পৰিবৰ্তন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
এই সফলতাৰ কৃতিত্ব আমাৰ চিৰাং জিলাৰ শিক্ষক -শিক্ষয়িত্ৰীসকলৰে । আগলৈ আমাৰ শ্ৰদ্ধাৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে গুণগত শিক্ষাৰ মানদণ্ড বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়।