ডিব্ৰুগড়ৰত শ্রীসত্য সাই ইউনিটি ৰাণ এণ্ড ৰাইড উদযাপন

ভগৱান শ্রীসত্য সাই বাবাৰ জন্ম শতবার্ষিকী উপলক্ষে দেওবাৰে পুৱা এটি সুন্দৰ বতৰৰ মাজত ডিব্ৰুগড়ত শ্রীসত্য সাই সেৱা সংগঠনৰ উদ্যোগত শ্রীসত্য সাই ইউনিটি ৰান এণ্ড ৰাইড উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
227

ডিজিটেল সংবাদ, ডিব্ৰুগড় : ভগৱান শ্রীসত্য সাই বাবাৰ জন্ম শতবার্ষিকী উপলক্ষে দেওবাৰে পুৱা এটি সুন্দৰ বতৰৰ মাজত ডিব্ৰুগড়ত শ্রীসত্য সাই সেৱা সংগঠনৰ উদ্যোগত শ্রীসত্য সাই ইউনিটি ৰান এণ্ড ৰাইড উদযাপন কৰা হয়। উল্লেখনীয় যে, ভগৱান শ্রীসত্য সাই বাবাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে সৰ্বভাৰতীয় শ্রীসত্য সাই সেৱা সংগঠনেও বছৰজোৰা বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে। 

এই কাৰ্য্যসূচী সমূহৰ ভিতৰত এক অতি আদৰণীয় কাৰ্য্যসূচী হ'ল শ্রীসত্য সাই স্পিৰিট অৱ ইউনিটি ৰাণ ফৰ ভেল্যুজ (সমূহীয়া ঐক্যবদ্ধ মূল্যবোধৰ দৌৰ)। এই ইউনিটি ৰাণ এণ্ড ৰাইড আজি পুৱা ৫-৩০ বজাত ডিব্ৰুগড়ৰ হাতীমূৰাৰ প্রশান্তি ডি ভাইন ভেলী স্কুলৰ পৰা খনিকৰ চাৰিআলি হৈ পুনৰ ডিভাইন ভেলী স্কুললৈ দৌৰি সমাপ্ত কৰা হয়। 

অংশগ্রহণকাৰীসকলক দৌৰিবলৈ ক্রমে তিনি কিলোমিটাৰ, পাঁচ কিলোমিটাৰ আৰু দহ কিলোমিটাৰৰ শাখা ভাগ কৰি দিয়া হয় আৰু এই নিদ্দিষ্ট দূৰত্বলৈকে দৌৰিব পৰা সকলো অংশগ্রহণকাৰীকে একোখন চার্টিফিকেট আৰু বাবাৰ সুন্দৰ মেডেল একোটাৰে পুৰস্কৃত কৰা হয়। 

অংশগ্ৰহণকাৰীসকলৰ সংখ্যা আছিল ৮৬৯ গৰাকী। ইয়াৰে একাংশ অংশগ্রহণকাৰীয়ে চাইকেল চলাই এই ইউনিটি ৰাণৰ কাৰ্য্যসূচীত যোগদান কৰে। 

এই ইউনিটি ৰাণৰ শুভউদ্ধোধন কৰে শ্রীসত্য সাই সেৱা সংগঠনৰ উত্তৰ-পূৱ ভাৰতৰ মাগুলিক সভাপতি সত্যেন শর্মাই। আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ প্রশান্তি ডিভাইন ভেলী স্কুল প্রাঙ্গনত শ্রীসত্য সাই বাবাৰ জীৱন আৰু লক্ষ্যৰ সম্পৰ্কত এখন সুন্দৰ প্রদর্শনীৰ লগতে সাংস্কৃতিক অনুষ্ঠান, ভজন আদি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। 

অনুষ্ঠানত শ্রীসত্য সাই সেৱা সংগঠনৰ উত্তৰ পূৱ ভাৰতৰ মাণ্ডলিক সভাপতি সত্যেন শর্মা, ৰাজ্যিক সভাপতি (অসম, নাগালেণ্ড আৰু মেঘালয়) গকুল চন্দ্র দাস আৰু অসমৰ এক আৰু দুই নম্বৰ জন'ৰ ৰাজ্যিক উপ সভাপতি ৰাজীৱ বৰগোসাঁইৰ লগতে বহুতো বিষয়ববীয়া, প্রশান্তি ডিভাইন ভেলী স্কুলৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে অংশ গ্রহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।

ডিব্ৰুগড়