/asomiyapratidin/media/media_files/2025/12/01/368-2025-12-01-22-59-44.jpg)
ডিজিটেল সংবাদ, কিছামা : অনন্য পুৰাতন নগা লোককৃষ্টিৰে চহকী নাগালেণ্ড সোমবাৰে বৰ্ণিল কাৰ্যসূচীৰে ৬৩ সংখ্যক ৰাজ্যিক স্থাপনা দিৱস পালন কৰে । ৰাজধানী ক'হিমাৰ অসামৰিক সচিবালয় প্লাজাত ৬৩ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই মুখ্যমন্ত্ৰী অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ নগা জনসাধাৰণক এক সমৃদ্ধিশালী, সৰ্বাংগীন আৰু বহনক্ষম ভৱিষ্যতৰ দিশত একেলগে কাম কৰিবলৈ আহ্বান জনায়।
ৰিঅ’ই নাগৰিকসকলক নাগালেণ্ডৰ প্ৰগতি আৰু বিকাশৰ বাবে প্ৰতি দায়বদ্ধ হবলৈ আহ্বান জনায়। তেওঁ কয় যে নাগালেণ্ডে ৰাজ্যৰ স্বীকৃতি লাভ কৰা পিছৰে পৰা ৰাজ্যখনৰ যাত্ৰাত সাহস, অধ্যৱসায় আৰু দূৰদৰ্শিতা নগাসকলে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-i-2025-12-01-22-57-26.jpeg)
তেওঁ কয়, আমি আমাৰ কৃতিত্ব উদযাপন কৰিছো যদিও আমাৰ জনসাধাৰণৰ বাবে এতিয়াও বহু কাম বাকী আছে। নগা ৰাজনৈতিক বিষয় সন্দৰ্ভত ৰিঅ’ই কয় যে জনজাতীয় সংগঠনৰ সামূহিক সমৰ্থনত সকলো নগা ৰাজনৈতিক গোটক নগা জনগোষ্ঠীৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ এক উমৈহতীয়া ভিত্তিত একত্ৰিত হ’বলৈ আহ্বান জনায়।
সকলো নগা ৰাজনৈতিক গোট, ভাৰত চৰকাৰ আৰু সকলো অংশীদাৰক আহ্বান জনাই ৰিঅ’ই কয় যে অধিক পলম নকৰাকৈ সাতদশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে সন্মানজনক, সৰ্বাংগীন আৰু গ্ৰহণযোগ্য বন্দোবস্তত উপনীত হোৱাতো জৰুৰী হৈ পৰিছে। শান্তি, ঐক্য আৰু সহযোগিতাৰ বাবে আবেদন জনাই ৰিঅ’ই কয় যে বিদেশীসকলৰ বাবে সংৰক্ষিত এলেকাৰ অনুমতি (পিএপি)ৰ প্ৰয়োজনীয়তাত শিথিলতাই আইন-শৃংখলাৰ উন্নতিৰ প্ৰতিফলন ঘটায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-im-2025-12-01-22-57-54.jpeg)
তেওঁ কেন্দ্রক পিএপি শাসন ব্যৱস্থা স্থায়ীভাৱে উঠাই লোৱাৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায় ৷ নাগালেণ্ডৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্যত্ব দিৱসত শুভেচ্ছা জ্ঞাপন কৰি উত্তৰ-পূবৰ ৰাজ্যখনে সমৃদ্ধি আৰু প্ৰগতিৰ পথত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়, নাগালেণ্ডৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যিকতা দিৱস উপলক্ষে শুভেচ্ছা জনাইছো। সেৱা, সাহস আৰু মমতাৰ শিপাই থকা গৌৰৱময় নগা সংস্কৃতিক বহুলভাৱে প্ৰশংসা কৰা হৈছে। ইফালে আজি বিয়লি ৪ বজাত নগা ঐতিহ্য গাঁৱ কিছামাৰ বাকৰিত দহদিনীয়াকৈ আৰম্ভ হৈছে ২৬ সংখ্যক হৰ্ণবিল মহোৎসৱ।
ইউৰোপ মহাদেশৰ ছয়খনকৈ দেশ— ক্ৰমে অষ্ট্ৰিয়া, মাল্টা, ছুইজাৰলেণ্ড, আয়াৰলেণ্ড, ফ্ৰান্স আৰু যুক্তৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশক ৰাজ্যিক অংশীদাৰে আৰম্ভ হৈছে ২৬ সংখ্যক হৰ্ণবিল মহোৎসৱ । নাগালেণ্ডৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰা উদ্দেশ্যৰে কিছামা ঐতিহ্য গাঁৱৰ বাকৰিত লোকগীত- নৃত্যৰ সমাহাৰৰে এক জীপাল হৈ পৰিছে।
বিয়লি নাগালেণ্ডৰ ৰাজ্যপাল নাগালেণ্ডৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লা আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে একেলগে পৰম্পৰাগত গঙ বজাই ২৬ সংখ্যক হৰ্ণবিল মহোৎসৱৰ উদ্বোধন কৰে। উদ্বোধন কৰি ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই কয়-হৰ্ণবিল ফেষ্টিভেল নগা পৰম্পৰা, সাংস্কৃতিক বৈচিত্ৰ্য, যুৱ সবলীকৰণ আৰু দায়িত্বশীল পৰ্যটনৰ গৌৰৱময় প্ৰতীক বুলি অভিহিত কৰে।
বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা অতিথিসকলক আদৰণি জনাই তেওঁ সকলোকে ঐক্য, প্ৰকৃতিৰ প্ৰতি সন্মান আৰু আমাৰ চহকী উত্তৰাধিকাৰৰ প্ৰতি গৌৰৱেৰে উদযাপন কৰিবলৈ আহ্বান জনায়। আনহাতে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই কয় যে হৰ্ণবিল উৎসৱে নগাসকলৰ জীৱনশৈলীক প্ৰতিফলিত কৰে, আৰু ৰাজ্যখনৰ চহকী পৰম্পৰা আৰু সজীৱ সংস্কৃতিক উদযাপন কৰে।
ৰিঅ’ই কয় যে এই মহোৎসৱত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অংশীদাৰৰ প্ৰতিখন দেশেই বিনিয়োগ, সংস্কৃতি, সৃষ্টিশীল উদ্যোগ, কৃষি, ক্ৰীড়া আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত সহযোগিতা অন্বেষণ কৰিব। উল্লেখযোগ্য যে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ চলিব লগা এই মহোৎসৱৰ লক্ষ্য হৈছে নাগালেণ্ডৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু পৰ্যটনৰ বাবে এক মঞ্চ প্ৰদান কৰা ।
হৰ্ণবিল মহোৎসৱৰ অতিথি হিচাপে উপস্থিত থাকে ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌ, আয়াৰলেণ্ডৰ ৰাষ্ট্ৰদূত কেভিন কেলি, ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰদূত মায়া টিছাফি, অষ্ট্ৰিয়াৰ বাণিজ্য আয়ুক্ত হান্স-জৰ্গ হৰ্টনাগল, ব্ৰিটিছ উপ উচ্চায়ুক্ত এণ্ড্ৰু ফ্লেমিং, আৰু তানিস্কৰ ব্যৱসায়িক মুৰব্বী, শ্যামালা ৰামাননে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us