/asomiyapratidin/media/media_files/2025/12/22/508-2025-12-22-20-25-29.jpg)
ডিজিটেল সংবাদ, গহপুৰ : ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ, বীৰাংগনা কনকলতা বৰুৱাৰ ১০১ সংখ্যক জন্মদিনটো সোমবাৰে শ্বহীদ কনকলতা বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বৰঙাবাৰীৰ শ্বহীদ কনকলতা উদ্যানত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে আজি পুৱাৰে পৰা দেশপ্ৰেমমূলক গীত- মাতেৰে মুখৰিত হৈ উঠে শ্বহীদ কনকলতা উদ্যানৰ পৰিবেশ।
কাৰ্যসূচী অনুসৰি পুৱা ৯-৩০ বজাত কনকলতা উদ্যানত থকা শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শ্বহীদ কনকলতা বৰুৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি সিদ্ধেশ্বৰ হাজৰিকাই। প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পণেৰে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰদীপ দত্ত, দিগন্ত গোহাঞি, লখিমী বৰদলৈ, চন্দন বৰুৱা, ৰঞ্জিত বৰঠাকুৰে।
ইয়াৰ পিছতে সিদ্ধেশ্বৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ শ্ৰদ্ধাঞ্জলি সূচক সভাখন নামাঞ্জলি বৰুৱাৰ পৰিচালনাত শ্বহীদ কনকলতা আদৰ্শ ছোৱালী হাইস্কুলৰ শিক্ষাৰ্থীৰ দল এটাই পৰিবেশন কৰা এটি দেশপ্ৰেমমূলক সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়। শ্ৰদ্ধাঞ্জলি সূচক সভা খনত যাদৱ গোস্বামী জাতীয় বিদ্যালয়, শ্বহীদ কনকলতা আদৰ্শ ছোৱালী হাইস্কুল, যোগনাথ সোঁৱৰণী শংকৰদেৱ শিশু নিকেতন, ৰয়েল একাডেমী আদি শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলে দেশপ্ৰেমমূলক গীত- মাত আদি পৰিবেশন কৰি শ্বহীদ কনকলতা উদ্যানৰ পৰিবেশ দেশাত্মবোধেৰে উজ্জীৱিত কৰি তোলে।
শ্বহীদ কনকলতা বৰুৱাৰ ভতিজাক তথা শ্বহীদ কনকলতা বৰুৱা স্মৃতিৰক্ষা সমিতিৰ সম্পাদক অভিজিত বৰুৱাই সামগ্ৰিকভাৱে আঁত ধৰা সভাখনত শ্বহীদগৰাকীক স্মৰণ কৰি চমু বক্তব্য প্ৰদান কৰে লোকশ্বৰী সন্দিকৈ, দিগন্ত গোহাঞি, প্ৰদীপ দত্ত, হেলেমৰ ৰাজহ চক্ৰ বিষয়া নমিতা বৰা, লখিমী বৰদলৈ, চন্দন বৰুৱাসহ একাধিক বিশিষ্ট ব্যক্তিয়ে। গাম্ভীৰ্যপূৰ্ণ সভাখনত দ্বিজেন ভূঞা, মনোজ নাথ, ঘাঁহিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনটি মজুমদাৰ, বিজয় বৰা, দীপক বৰুৱা, অপূৰ্ব সিংহ, যাদৱ চলিহা, নন্দেশ্বৰ শইকীয়া, কবিতা ৰাজখোৱা, ৰাণা হাজৰিকাসহ বহু সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us