/asomiyapratidin/media/media_files/2025/10/18/6-2025-10-18-21-41-06.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : আজি কাতি বিহু । অসমীয়া ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যত পালন কৰিছে কাতি বিহু ।
পৰম্পৰা অক্ষুণ্ণ ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগে শনিবাৰে অসম-মেঘালয় সীমান্তৱৰ্তী ধানুৱা গাঁও পঞ্চায়তৰ শতাধিক অসমীয়া হাজং কৃষক পৰিয়ালৰ সহযোগত কাতি বিহু পালন কৰে । জিলাখনৰ ধানুৱা গাঁও পঞ্চায়ত প্ৰাঙ্গনত জিলা কৃষি বিভাগে কেন্দ্ৰীয়ভাৱে কাতি বিহু উৎসৱ পালন কৰে।
জিলাখনৰ কৃষকৰ মাজত মাহ আৰু তৈলজাতীয় শস্যৰ খেতি সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ এক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰি কৃষকৰ মাজত কৃষিজাতীয় সজাগতামূলক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। জিলা কৃষি বিষয়া ৰস্তম আলীৰ লগতে কৃষি বিভাগৰ কৰ্মচাৰী আৰু স্থানীয় শতাধিক হাজং কৃষক পৰিয়াল এই প্ৰশিক্ষণ আৰু আলোচনা চক্ৰত উপস্থিত থাকে ।
জিলা কৃষি বিভাগে আয়োজন কৰা কাতি বিহুত তুলসী ভেঁটি নিৰ্মাণ কৰা, সন্ধিয়া খেতি পথাৰত বন্তি প্ৰজ্বলন, তুলসীৰ তলত ধূপ-দ্বীপ-নৈবেদ্য আগবঢ়োৱাৰ লগতে আকাশবন্তি প্ৰজ্বলন কৰা হয় । জিলা কৃষি বিষয়া ৰস্তম আলী নিজ হাতেৰে আকাশবন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে।
লক্ষ্যণীয় যে, অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । ৰাজ্যত এইবাৰ কৃষক সকলে বিষাদ মনেৰে জুবিনবিহীন প্ৰথমটো কাতি বিহু পালন কৰিবলগীয়া হৈছে।