/asomiyapratidin/media/media_files/2025/09/10/299-2025-09-10-21-06-19.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : "ডাৱৰ আৰু নাই", "পৃথিৱীৰ অসুখ"ৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি, প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক যোগেশ দাসৰ পবিত্ৰ স্মৃতি দিৱস মঙলবাৰে গধূলি ৫-৩০ বজাত সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জিলাৰ সাংস্কৃতিক উপ-সমিতিৰ সহযোগত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত কৰে।
অসম সাহিত্য বঁটা আৰু সাহিত্য অকাডেমী বঁটাৰে বিভূষিত যোগেশ দাসৰ স্মৃতি সভাখনিৰ নিয়াৰিকৈ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্তই । জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে সঞ্চালনা কৰা সভাখনিত যোগেশ দাসৰ জীৱনভিত্তিক স্মাৰক বক্তৃতা প্ৰদান কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ জগদীশ পাটগিৰীয়ে সাম্প্ৰতিক সময়তো যোগেশ দাসৰ ৰচনৰাজি তথা তেওঁৰ চিন্তা জাগ্ৰত বক্তৃতা বোৰৰ প্ৰাসংগিকতা আছে বুলি মতপোষণ কৰে ।
সভাৰ আৰম্ভণিতে গীত পৰিৱেশন কৰে সাংস্কৃতিক উপ-সমিতিৰ সদস্যাসকলে। পিছতে যোগেশ দাসৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণ কৰে ।
সভাত খাৰঘূলি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাণীকান্ত চক্ৰৱৰ্তী, সমালোচক বিপুল শৰ্মা, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰাক্তন সচিব চবিন ৰাজখোৱা, সভাৰ ৰামধেনু উপ-সমিতিৰ আহ্বায়ক বিতুমণি গোস্বামী, সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক পদুমী পাঠক প্ৰভৃতিয়ে যোগেশ দাসদেৱৰ জীৱন আৰু কৃতিৰ ওপৰত আলোকপাত কৰে ।
প্ৰসংগক্ৰমে কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কিশোৰ কুমাৰ জৈনে কয়- যোগেশ দাসৰ 'এমুঠি ধূলি' উপন্যাসখন হিন্দীলৈ অনুবাদ কৰাৰ সৌভাগ্য হৈছিল বুলি জনায়। শেষত সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি নীৰেন চন্দ্ৰ বৈশ্যই শলাগৰ শৰাই আগবঢ়াই বুলি জিলা সাহিত্য সভাৰ প্ৰচাৰ বিভাগৰ আহ্বায়ক দীপক শৰ্মাই শৰ্মাই জানিব দিয়ে।