সামাজিক সেৱাৰে ইণ্ডিয়া ক্লাবৰ প্ৰতিষ্ঠা দিৱস পালন

গুৱাহাটীৰ ইণ্ডিয়া ক্লাবে প্ৰতিষ্ঠা দিৱস উপলক্ষে এক অৰ্থৱহ সামাজিক উদ্যোগ গ্ৰহণ কৰি মন বিকাশ কেন্দ্ৰৰ আবাসীসকললৈ খাদ্য সামগ্ৰীৰ অনুদান আগবঢ়ায়। উল্লেখযোগ্য যে, কেন্দ্ৰটো গুৱাহাটী মানসিক কল্যাণ সমিতিৰ দ্বাৰা পৰিচালিত এক স্বেচ্ছাসেৱী সংস্থা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-10 at 5.42.01 PM (1)

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটীৰ ইণ্ডিয়া ক্লাবে প্ৰতিষ্ঠা দিৱস উপলক্ষে এক অৰ্থৱহ সামাজিক উদ্যোগ গ্ৰহণ কৰি মন বিকাশ কেন্দ্ৰৰ আবাসীসকললৈ খাদ্য সামগ্ৰীৰ অনুদান আগবঢ়ায়। উল্লেখযোগ্য যে, কেন্দ্ৰটো গুৱাহাটী মানসিক কল্যাণ সমিতিৰ দ্বাৰা পৰিচালিত এক স্বেচ্ছাসেৱী সংস্থা।

উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ইণ্ডিয়া ক্লাবৰ সভাপতি বিজন চৌধাৰী, সাধাৰণ সম্পাদক অম্লানদ্বীপ দাস, কোষাধ্যক্ষ কৃষ্ণানন্দ দাস, লগতে ক্লাবৰ অন্যান্য গণ্য মান্য সদস্যসকল। মন বিকাশ কেন্দ্ৰৰ সভাপতি সুমন কল্যাণ দত্তই ইণ্ডিয়া ক্লাবে গ্ৰহণ কৰা উদ্যোগক উচ্চ প্ৰশংসা কৰে আৰু মানসিকভাৱে প্ৰত্যাহ্বানযুক্ত লোকসকলৰ কল্যাণৰ বাবে আগবঢ়োৱা আন্তৰিক সহায়ৰ বাবে পদাধিকাৰী আৰু সদস্যসকলৰ প্ৰতি হৃদয়স্পৰ্শী কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰতিষ্ঠা দিৱস উদযাপনৰ উপৰিও, ইণ্ডিয়া ক্লাবে ৩ আৰু ৪ জানুৱাৰীত সফলভাৱে বাৰ্ষিক ক্লাব মিট আয়োজন কৰে। দুদিনীয়া এই অনুষ্ঠানত সদস্যসকলৰ উৎসাহজনক অংশগ্ৰহণ দেখা যায়, য’ত টেনিছ, টেবুল টেনিছ, বেডমিণ্টন আৰু ডাৰ্টছ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিতহয়।

গুৱাহাটী