ডিমৰীয়া মহাবিদ্যালয়ত (স্বায়ত্তশাসিত) হিন্দী দিৱস উদযাপন...

কাৰ্যসূচীত "হিন্দী আৰু আঞ্চলিক ভাষাৰ মাজৰ সম্পৰ্ক আৰু নিয়োগৰ সুযোগ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে, দৈনিক পূৰ্বোদয়ৰ সম্পাদক তথা, অনুবাদক ৰবি শংকৰ ৰবিয়ে।

author-image
Asomiya Pratidin
New Update
new ap web dimorioya

ডিজিটেল সংবাদ, সোণাপুৰ : ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ, সংস্কৃতি মন্ত্ৰালয়, ভাৰত চৰকাৰৰ আঞ্চলিক কেন্দ্ৰ, গুৱাহাটী আৰু হিন্দী বিভাগ, ডিমৰীয়া মহাবিদ্যালয় (স্বায়ত্তশাসিত)সহযোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় ডিজিটেল কক্ষত হিন্দী দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীত "হিন্দী আৰু আঞ্চলিক ভাষাৰ মাজৰ সম্পৰ্ক আৰু নিয়োগৰ সুযোগ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে, দৈনিক পূৰ্বোদয়ৰ সম্পাদক তথা, অনুবাদক ৰবি শংকৰ ৰবিয়ে।

অনুষ্ঠানত ডিমৰীয়া মহাবিদ্যালয় - স্বায়ত্তশাসিতৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° মহানন্দ বৰা, ডিমৰীয়া মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী (স্বায়ত্তশাসিত) শেৱালি কলিতা তালুকদাৰ, আঞ্চলিক সঞ্চালক, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ আঞ্চলিক কেন্দ্ৰ-গুৱাহাটী ড° সপম ৰনবীৰ সিঙেও উপস্থিত থাকি নিজৰ ভাব ব্যক্ত কৰে। হিন্দী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী সম্পন্ন কৰা অনুষ্ঠানটোৰ আঁত ধৰে অধ্যাপিকা ড° যশোধৰা বৰাই।

ডিমৰীয়া